আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাঃ প্ৰতিখন জিলাৰ পৰা পূজাৰ বতৰা
আজি ৰাজ্যজুৰি পালন কৰা হৈছে সৰস্বতী পূজা ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ উপলক্ষে আজি সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ ৷ দেৱীৰ পূজা-আৰাধনাৰ মাজতে শিক্ষাৰ্থী সকলৰ মাজত পৰিলক্ষিত হৈছে সৌন্দৰ্য প্ৰদৰ্শনৰ অঘোষিত প্ৰতিযোগিতা ৷ সাজোন-কাচোনেৰে পূজালৈ ওলাই আহিছে ছাত্ৰ-ছাত্ৰী সকল ৷
বৰমা মহাবিদ্যালয়ত সৰস্বতী পূজাৰ লগতে উদযাপন বাথৌ পূজা
বৰমা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবছৰে সৰস্বতী পূজাৰ লগতে বাথৌ পূজা উদযাপন কৰি আহিছে ৷ এইবাৰো মহাবিদ্যালয়খনত দেখা গ’ল পূজাৰ উখল মাখল পৰিবেশ ৷
কোকৰাঝাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ
প্ৰদীপ ৰায়ক কোনো লোকে হত্যা কৰি মৃতদেহটো পুখুৰীৰ পাৰৰ জংঘলত পেলাই দিয়া বুলি পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷
"বাওঁপন্থী"ৰ পৰিৱৰ্তে গেৰুৱা হ'ল ভূৱন পেগু
অৱশেষত গেৰুৱা হ'ল বিধায়ক ভূৱন পেগু ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ভূৱন পেগুয়ে ৷ আঞ্চলিকতাবাদ তথা বাওঁপন্থী আদৰ্শৰে পৰিপুষ্ট ভূৱন পেগুৰ বিজেপি গমনক লৈ চৰ্চিত ৰাজ্যৰ ৰাজনীতি ৷
পথ সুৰক্ষা এতিয়াও এক অলিক সপোন
দেশত প্ৰত্যেক দিনাই বিভিন্ন স্থানবোৰত সংঘতিত হৈ থকা পথ দুৰ্ঘটনাবোৰত গড়ে ৪১৫ জন লোকৰ মৃত্যু ঘটে ৷ একেদৰেই এই দুৰ্ঘটনাবোৰত বছৰি চাৰে তিনি লাখতকৈও অধিক লোকে শাৰীৰিক পংগুত্বক আকোৱালি ল’ব লগাত পৰে ৷ কিন্তু ভাৰতবাসীয়ে সমগ্ৰ বিশ্বত ব্যৱহাৰ হোৱা বাহন সমূহৰ মাত্ৰ এক শতাংশ বাহনহে ব্যৱহাৰ কৰে ৷ তৎস্বত্বেও ইয়াত বিশ্বৰ ৬ শতাংশ পথ দুৰ্ঘটনা সংঘতিত হয় ৷ আনহাতে বিশ্বৰ তুলনাত ভাৰতবৰ্ষৰ পথ দুৰ্ঘটনাবোৰত নিহত সকলৰ হাৰ হ’ল ১১ শতাংশ ৷