অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 10, 2021, 5:05 PM IST

TOP 10 AT 5PM
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

Govt to appoint next CDS : পৰৱৰ্তী চিডিএছৰ সাম্ভাৱ্য তালিকাৰ শীৰ্ষত আছে স্থলসেনা প্ৰধান নাৰাভানে

দেশৰ প্ৰথম গৰাকী চিডিএছৰ মৃত্যুৰ পাছত এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন কোন হ'ব দেশৰ পৰৱৰ্তী চিডিএছ ? যোগ্য বিষয়াসকলৰ তালিকাৰ প্ৰথমতে আছে সেনা প্ৰধান জেনেৰেল নাৰাভানেৰ নাম (Gen Naravane frontrunner for next CDS)। অৱশ্যে বিশেষ সমিতিৰ পৰামৰ্শ আৰু চৰকাৰৰ সিদ্ধান্তৰ পাছত হে গম পোৱা যাব ভাৰতৰ পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ কোন হ'ব ?

টুটি আহিছে প্ৰকৃতিৰ ভাণ্ডাৰ: অসমত কমিছে খাৰুৱা তেলৰ উৎপাদন

অসমত তিনিটা বছৰত অতি চিন্তনীয়ভাৱে হ্ৰাস পাইছে অসমত খাৰুৱা তেলৰ উৎপাদন(depletion of crude oil production) । অসমত ২০১৯-২০ বৰ্ষত উৎপাদন আছিল ৪.১ মিলিয়ন মেট্ৰিক টন । কিন্তু ২০২০-২১ বৰ্ষত ই হ্ৰাস পাই হৈছেগৈ ৩.৯ মিলিয়ন মেট্ৰিক টন ।

Last rites of Gen Rawat : সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাটৰ শেষকৃত্য

আজি শেষকৃত্য সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাট আৰু পত্নী মধুলিকা ৰাৱাটৰ ৷ বিয়লি পাঁচ বজাত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে কৰা হ’ব সৎকাৰ ৷

শ্বহীদ প্ৰণামো তোমাক : জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ

আজি শ্বহীদ দিৱস ৷ 1979 চনৰ 10 ডিচেম্বৰ দিনটোতেই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল খৰ্গেশ্বৰ তালুকদাৰে (Khargeswar Talukder killed by police)৷ তেতিয়াৰে পৰা ১০ ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে "শ্বহীদ দিৱস" হিচাপে ৷

Assam Municipal election 2022: পৌৰ নিৰ্বাচনত অকলশৰীয়া অগপৰ অস্তিত্বৰ সংকট

পৌৰ নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছতে শ'লঠেকত পৰিছে অগপৰ নেতৃত্ব (AGP party worried about municipal elections)। ২০১৮ চনত বিজেপিৰ সৈতে মিত্ৰতাত থকাৰ পাছতো অগপই পঞ্চায়ত নির্বাচনত অকলশৰীয়াকৈ প্রতিদ্বন্দ্বিতাত নামি মুখথেকেচা খাবলগীয়া হৈছিল ।

PMAY Colony in Assam : নামচাঙত স্থাপন হোৱাৰ দিশে ভাৰতৰ প্ৰথম সৰ্ববৃহৎ PMAY কলনি

নাহৰকটীয়াৰ নামচাঙত স্থাপন হ’ব ভাৰতবৰ্ষৰ প্ৰথমখন সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনি (India's first biggest PMAY colony in Assam) ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিব ইয়াৰ আধাৰশিলা ৷

City bus fare price in Guwahati : মহানগৰীত প্ৰশাসনে প্ৰকাশ কৰিলে চিটি বাছৰ ভাড়াৰ তালিকা

মহানগৰীৰ চিটিবাছক নাকী লগাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে (Kamrup Metro Dist Admin on bus fare) ৷ কিয়নো শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এখন বিশেষ তালিকা ৷

Swahid Divas in Morigaon : অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰীয়ে

শুকুৰবাৰে মৰিগাঁও স্কুল খেলপথাৰত উদযাপন কৰা হয় শ্বহীদ দিৱস (Swahid Divas observed in Morigaon) ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma present in Morigaon Swahid Divas) ৷

Jorhat Majuli Bridge : শীঘ্ৰে মুকুলি হ’ব পশ্চিমেৰে মাজুলীৰ দুৱাৰ

মাজুলীৰ ৰাজপথত বাজিছে দবা-কাঁহ ৷ কিয়নো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত ২৯ নবেম্বৰত ঘোষণা কৰিছিল যে, যোৰহাট-মাজুলী সংযোগী দলং (Jorhat Majuli Bridge) হোৱাৰ উপৰিও মাজুলীৰ ৰাইজৰ সুবিধাৰ্থে পশ্চিম পাৰৰ লগত সংযোগ স্থাপন কৰিবলৈ আন এখন পকী দলং নিৰ্মাণ হ'ব ব্ৰহ্মপুত্ৰৰ বুকুত (New bridge to Majuli) ৷

Chopper crash inquiry : ত্ৰি-সেৱা তদন্তৰ নিৰ্দেশ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ

হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ চীফ অৱ ডিফেন্স ষ্টাফৰ মৃত্যু হোৱাৰ পাছতে ঘটনাৰ ত্ৰি-সেৱা তদন্তৰ নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh orderes tri service inquiry)। স্থল,নৌ আৰু বায়ু সেনাৰ দ্বাৰা গঠিত সমিতিয়ে কৰিব এই তদন্ত । এয়াৰ মাৰ্শ্বেল মানবেন্দ্ৰ সিঙৰ নেতৃত্বত হ'ব এই ত্ৰি-সেৱা তদন্ত ।

ABOUT THE AUTHOR

...view details