Protesting farmers set to leave: সিংঘু প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু প্ৰতিবাদকাৰী কৃষক
সিংঘু সীমান্তৰ প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু হৈছে প্ৰতিবাদকাৰী কৃষকসকল (Protesting farmers set to leave Singhu protest site) । অৱশ্যে প্ৰতিবাদ সম্পৰ্কে শেষ সিদ্ধান্ত ল'ব সংযুক্ত কিষান মৰ্চাই ।
Next CDS of India : সেনাপ্ৰধান জেনেৰেল নাৰাভানে হ'ব নেকি ভাৰতৰ পৰৱৰ্তী CDS ?
ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পাছতে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন পৰৱৰ্তী চিডিএছ কোন হ'ব (Who will be the India's next CDS)? এইক্ষেত্ৰত সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেক পৰৱৰ্তী চিডিএছ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা অধিক । কিয়নো নৌসেনা আৰু বায়ু সেনাৰ মুৰব্বীয়ে শেহতীয়াকৈ তেওঁলোকৰ দায়িত্ব গ্ৰহণ কৰিছে ।
Bipin Rawat's chopper crash : জেনেৰেল ৰাৱাটৰ মৃত্যুক লৈ সদনত প্ৰতিক্ৰিয়া প্ৰতিৰক্ষামন্ত্ৰীৰ
বুধবাৰৰ M17 V5 হেলিকপ্তাৰৰ দুৰ্ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে সংসদত বক্তৃতা প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ সেনাৰ এখন M17V5 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যু হৈছিল ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী সেনাৰ বিষয়া-কৰ্মচাৰীৰ ৷
Murder Case in Assam: ৰাজ্যত গড়ে দৈনিক সংঘটিত হয় ৩ টাকৈ হত্যাকাণ্ডৰ ঘটনা
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতো অপৰাধ নিয়ন্ত্ৰণত যেন ব্যর্থ হৈছে অসম আৰক্ষী । চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ পর্যন্ত ৰাজ্যত মুঠ ৮৯২ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।
প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খোজা প্ৰয়োজন : জিতেন্দ্ৰ সিং
নাগালেণ্ডৰ মন জিলালৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিঙক (AICC Secretary Jitendra Singh) যোৱাত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী ৷