ক্ৰমাৎ বানমুক্ত হৈছে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল
বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত ৩৪ টা বন শিবিৰৰ ১১ টা বন শিৱিৰ জলমগ্ন হৈছিল ভদীয়া বানত । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুতগতিত হ্ৰাস পোৱাত ক্ৰমাৎ বানমুক্ত হৈছে ১০ টা বন শিবিৰ । বানৰ সময়ছোৱাত বুঢ়াপাহাৰ বনাঞ্চলত ৩ টা হৰিণা বৰ্তমানলৈকে মৃত্যু হৈছে ।
ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত ?
2018 চনৰ 29 ডিচেম্বৰত আলফা (স্বাধীন)ত যোগদান কৰিছিল চৰাইদেউ জিলাৰ বৰহাট লাকিলী অঞ্চলৰ অৰুণাভ গগৈ নামৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত এজন মেধা সম্পন্ন যুৱকে ৷ সেই সময়ত অৰুনাভে আলফা স্বাধীনত যোগদান কৰা এটা ভিডিঅ' চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছিল ।
আগ্ৰাৰ পৰা অসম অভিমুখে ৰাওনা দেশৰ প্ৰথমখন কৃষক ৰে’ল
এতিয়া মাত্ৰ 36 ঘণ্টাতে উত্তৰ প্ৰদেশৰ পৰা আলু আহি পাবহি অসমৰ বজাৰ ৷ সোমবাৰে উত্তৰ-মধ্য ৰে’লৱেয়ে আগ্ৰাৰ পৰা মুকলি কৰিলে প্ৰথমখন কৃষক ৰে’ল ৷ এই ৰে’লখন আহি উপস্থিত হ’ব চাংসাৰী ৰে’ল ষ্টেচনত ৷
ৰঙাপাৰাত PMAY আঁচনিৰ নামত ব্যাপক লুণ্ঠন
অসম চৰকাৰে শূণ্যসহনশীল নীতিৰ কথা ক'লেও ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰী আঁচনিৰ নামত ব্যাপক অনিময় সংঘটিত হৈ আছে । এইবাৰ শোণিতপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
'কৌন বনেগা কৌড়পতি' ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা !
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা মাথো ৰাজ্যতে সীমাবদ্ধ থকা নাই ৷ ছনী টিভিৰ অতি জনপ্ৰিয় অনুষ্ঠান 'কৌন বনেগা কৌড়পতি'ত (KBC 13) এইবাৰ উত্থাপিত হ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ ।