নতুন এছ অ পি জাৰি কৰাৰ পিছতেই সষ্টম নগাঁও আৰক্ষী
ৰাজ্যত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে ক’ভিডৰ নতুন এছ অ’ পি ৷ ক’ভিডৰ নতুন এছ অ’ পি জাৰি কৰাৰ পিছতেই সষ্টম হৈ পৰে নগাঁও আৰক্ষী । দিনৰ এঘাৰ বজাৰ লগে লগেই সকলো দোকান পোহাৰ বন্ধ কৰাৰ লগতে ১২ বজাৰ পিছতেই জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তিৰ বাহিৰে ওলাই আহিব দিয়া নাই কোনো লোকক । বিনা কাৰণত ওলাই অহা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও আৰক্ষী ।
আজি ডি আৰ ডি অ'ৰ প্ৰথম পৰ্যায়ৰ ক'ভিড ঔষধ মুকলি কৰিব ৰাজনাথ সিঙে
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে ডি আৰ ডি অ'ই প্ৰস্তুত কৰা ২-ডিঅক্সি-ডি-গ্লুক'জ (২-ডিজি)ৰ প্ৰথম পৰ্যায়ৰ ঔষধ মুকলি কৰিব । এই ঔষধৰ ক্লিনিকেল পৰীক্ষণৰ ফলাফলে প্ৰমাণিত কৰিছে যে, ই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলে সোনকালে আৰোগ্য লাভ কৰাত সহায় কৰে আৰু পৰিপূৰক অক্সিজেন নিৰ্ভৰশীলতা হ্ৰাস কৰে ।
মানাহত মুকলি কৰি দিয়া হ’ল কেকোসাপ
ৰাজ্যত বিবিধ বন্যপ্ৰাণীৰ লগতে কেকোসাপৰ বৃহৎ চোৰাং ব্যৱসায় চলি থকাৰ সময়তে দেওবাৰে বৰপেটাৰ জ্যোতি নগৰৰ শৈলেন দাস নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হয় এডাল কেকোসাপ ৷ বন বিভাগৰ লোকৰ সহযোগত কেকোসাপ ডাল উদ্ধাৰ কৰি মুকলি কৰি দিয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৷
হোমেন বৰগোহাঞিলৈ শ্ৰদ্ধা জনাই ধেমাজিত শোক সভাৰ আয়োজন
বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোকপ্ৰকাশ ধেমাজি প্ৰেছ ক্লাবৰ । সোমবাৰে ধেমাজি প্ৰেছ ক্লাবত এখন শোক সভা অনুষ্ঠিত কৰা হয় । বিশিষ্ট সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে প্ৰেছ ক্লাবৰ সদস্যসকলে ।
কলগাছিয়াত বীজ কোম্পানীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ
কলগাছিয়াৰ চিকিম বজাৰত পতান ধান ওলোৱাক লৈ শংকিত অঞ্চলটোৰ কৃষক ৰাইজ ৷ হাইব্ৰীড SE 5252 মডেল ধানৰ বিপৰীতে পতান ওলাইছে ধান খেতিত ৷ ঘটনাক লৈ বীজ কোম্পানী আৰু বীজ বিক্ৰেতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৃষকসকলৰ ৷