আছুকৰ্মীয়ে ঘেৰাও কৰিলে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বাবে অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ স্বাস্থ্য কেন্দ্ৰটোলৈ অহা এগৰাকী যুৱকক কোভিডৰ পৰীক্ষা কৰাবলৈ নি স্বাস্থ্য কৰ্মীয়ে আদবাটতে এৰি হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে ৷ বিষয় সন্দৰ্ভত প্ৰতিবাদমুখৰ হৈ পৰিছে ঘগ্ৰাপাৰৰ আছু কৰ্মীসকল ৷
দিব্য কৰ'ণিল টেবলেট : ৰাইজক কৰ'ণাৰ পৰা পৰিত্ৰাণ দিব পাৰিবনে এই ঔষধে !
পতঞ্জলিৰ হৰিদ্বাৰস্থিত প্ৰতিষ্ঠানত ইতিমধ্যেই মুকলি কৰা হৈছে দিব্যা কোৰোনিল টেবলেট (Divya Coronil Tablet) নামে এক প্ৰতিষেধক ঔষধ ৷ যোগ গুৰু ৰামদেৱ আৰু পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া বালাকৃষ্ণই ইতিমধ্যেই ইয়াৰ প্ৰায়োগিক পৰীক্ষণৰ ফলাফল প্ৰকাশ কৰিছে ৷ এই ড্ৰাগটো পতঞ্জলি ৰিচাৰ্ছ ইনষ্টিটিউট (Patanjali Research Institute) আৰু নেশ্বনেল ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স, জয়পুৰ (National Institute of Medical Science, Jaipur)এ যুটীয়াভাৱে প্ৰস্তুত কৰি উলিয়াইছে ৷
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত সৰৱ আমছু
ৰাজ্যৰ ভিন্ন স্থানত সংখ্য়ালঘু ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ খবৰে শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে ৷ সম্প্ৰতি এই বিষয়টোৰ সন্দৰ্ভত সৰৱ ভূমিকা গ্ৰহণ কৰি ৰাজ্যৰ কেইবাটাও দল-সংগঠনে উচিত তদন্তৰ দাবী জনাইছে ৰাজ্য চৰকাৰক ৷ বঙাইগাঁৱতো আমছুৱে এক সংবাদমেলৰ জৰিয়তে বিষয়টো উত্থাপন কৰি উচিত তদন্তৰ দাবী জনাইছে চৰকাৰক ৷
কৰ'ণা সম্পৰ্কীয় বিশ্বজোৰা শেহতীয়া সকলো তথ্য
বিশ্বত কৰ'ণাৰ সংহাৰী ৰূপে বিধ্বস্ত কৰিছে জন জীৱন, অৰ্থনীতি তথা শিক্ষা ব্যৱস্থা ৷ কৰ'ণাৰ ফলত বহু দেশত অচল হৈ পৰিছে স্বাভাৱিক জনজীৱন ৷ এই পৰ্যন্ত বৰ্তমানলৈকে বিশ্বত 9,188,363 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে,মৃত্যুক আঁকোৱালি লৈছে 474,339 গৰাকীয়ে ৷
কৰ'ণা ভাইৰাছৰ প্ৰথমটো আয়ুৰ্বেদিক ঔষধ মুকলি পতঞ্জলিৰ
দেশবাসীৰ বাবে সুঃখবৰ । মঙলবাৰে পতঞ্জলিয়ে মুকলি কৰিছে COVID-১৯ ৰ প্ৰথমটো আয়ুৰ্বেদিক ঔষধ "কৰ'নিল" । আয়ুৰ্বেদিক কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দাবী এই ঔষধৰ দ্বাৰা, 5 ৰ পৰা 14 দিনৰ ভিতৰতেই COVID-১৯ ৰ পৰা আৰোগ্য় লাভ কৰিব পৰা যাব ।