অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Nov 3, 2021, 5:04 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি
TOP 10 AT 5

দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ দীপাৱলীৰ উপলক্ষে শুকুৰবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে কামৰূপ(গ্ৰাম্য) জিলা প্ৰশাসনে ।

২৪ ঘণ্টাৰ ভিতৰত ওভতাই পালে হেৰুওৱা ৩৫ লাখ টকা

অপৰাধীৰ ৰম্যভূমি হিচাপে পৰিচিত গুৱাহাটী মহানগৰীৰ অংকুৰ হাজৰিকা নামৰ এগৰাকী ব্যক্তিৰ SBI একাউণ্টৰ পৰা হৰলুকি হৈছিল ৩৫ লাখ টকা ৷ CID ৰ হেল্পলাইন নম্বৰ ১৫৫২৬০ ৰ জৰিয়তে ব্যক্তিগৰাকীয়ে দাখিল কৰিছিল অভিযোগ ৷

নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে শৃংখল চলিহাই : ৰূপজ্যোতি কুৰ্মী

মৰিয়নীৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পৰামৰ্শ দিলে বীৰ লাচিত সেনাৰ শৃংখল চলিহাক । বুধবাৰে বিয়লি বোকাখাতত ৰূপজ্যোতি কুৰ্মীয়ে সাংবাদিকৰ আগত কয়, শৃংখল চলিহাই কথা কম কৰি কামত মনোযোগ দিয়ক ৷

উত্তৰ-পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত চলিব বিমান

ভাৰত চৰকাৰৰ আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ 'আৰ চি এছ'ৰ উৰণৰ অধীনত উত্তৰ-পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত পাৰস্পৰিক বিমান সম্পৰ্ক অৰ্থাৎ প্ৰতিটো বিমানবন্দৰৰ মাজত ঘৰুৱা যাত্ৰীবাহী বিমান চলাচল কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে ৷

দীপ বায়নক প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক পদত নিযুক্তি

দীপ বায়ন(Deep Bayan)ক অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে নিযুক্তি প্ৰদান সৰ্বভাৰতীয় কংগ্ৰেছ সেৱা দলৰ মুখ্য সংগঠক লালজী দেশাইৰ ৷

উপনিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়কে ফোনত কি ক'লে মুখ্যমন্ত্রীক ?

উপনিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে নিশা ১২.৩০ বজালৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতি কি ক'লে কংগ্ৰেছৰ বিধায়কসকলে । কিয় কংগ্ৰেছৰ দহ-বাৰজন বিধায়কে নিশা ১২.৩০ বজালৈ মুখ্যমন্ত্রীৰ লগত কথা পাতিলে ।

পানীসাগৰ হিংসাত্মক ঘটনা : ত্ৰিপুৰা প্ৰশাসনলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

পানীসাগৰ কাণ্ড সন্দৰ্ভত ত্ৰিপুৰা প্ৰশাসনে এতিয়ালৈকে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে । ত্ৰিপুৰাৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ আয়োগে জাননী জাৰি কৰিছে ।

পুনৰ প্ৰদূষিত হৈছে দিল্লী: নিম্নগামী ৰাজধানীৰ AQI

SAFARয়ে দাখিল কৰা প্ৰতিবেদন মতে দিল্লীৰ বায়ুমণ্ডলৰ AQI অতি বেয়া শ্ৰেণীত উপনীত হৈছে । দীপাৱালীৰ পূৰ্বে দিল্লীৰ এনে পৰিস্থিতিক লৈ চিন্তিত দিল্লীবাসী ।

এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ ভিতৰত কোন কোন থাকিব ?

এইবাৰ ১২ গৰাকী খেলুৱৈক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা আৰু ৩৫ গৰাকী খেলুৱৈক প্ৰদান কৰা হ’ব অৰ্জুন বঁটা । ১৩ নৱেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটাসমূহ ।

দীপাৱলীৰ পূৰ্বে সাংবাদিকৰ কেমেৰাত বন্দী কেইগৰাকীমান বলীউড তাৰকা

দীপাৱলীৰ পূৰ্বে সম্পূৰ্ণ ভাৰতীয় পোছাক অৰ্থাৎ কুৰ্তিত অভিনেত্ৰী চাৰা আলী খান(Sara Ali Khan)ক দেখা গৈছে টি-চিৰিজ কাৰ্যালয়ত ৷ ইফালে মুম্বাই চহৰত অভিনেত্ৰী শিল্পা ছেট্টী(Shilpa Shetty) আৰু তেওঁৰ পুত্ৰ ভিয়ান(Viaan) সাংবাদিকৰ কেমেৰাত বন্দী হয় ।

ABOUT THE AUTHOR

...view details