অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 AT 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Dec 8, 2022, 4:58 PM IST

AASU President Dipanka Kumar Nath: আছুৰ সভাপতি পদ এৰিলে দীপাংক নাথে

আছুৰ সভাপতি পদৰ পৰা পদত্যাগ দীপাংক নাথৰ ৷ আছুৰ জৰুৰী কাৰ্যনিবাহক বৈঠকত সভাপতি পদৰ পৰা পদত্যাগ কৰে নাথে ৷ বৰ্তমানলৈ ৰাজহুৱা কৰা হোৱা নাই দীপাংক নাথৰ পদত্যাগৰ কথা ৷ প্ৰতিনিধি সভাত হ’ব চূড়ান্ত সিদ্ধান্ত ৷

Bharat Jodo Yatra in Kota : ৰাহুল গান্ধীৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা যুৱকৰ

ৰাজস্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত অঘটন । তেওঁৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Young man tried to commit suicide)। যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

Mainpuri Bye poll: দুই লক্ষাধিক ভোটৰ ব্যৱধানত জয়লাভ ডিম্পল যাদৱৰ

সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী ডিম্পল যাদৱে মইনপুৰী লোকসভাৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰঘুৰাজ শাক্যক 2.31 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰে (Dimple Yadav wins Mainpuri Lok Sabha seat) ৷

Twitter: আইফোনত নহয় লেপটপত ব্যৱহাৰ কৰক টুইটাৰ, ৰাহি হ'ব টকা

মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰে অতি শীঘ্ৰে এপল আইফোন ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলক দিবলৈ গৈ আছে আন এক ডাঙৰ আঘাত । কোৱা হৈছে যে, কোম্পানীটোৱে টুইটাৰ ব্লু চাবস্ক্ৰিপচনৰ মূল্য সলনি কৰাৰ পৰিকল্পনা কৰিছে ।

Falcon Festival 2022: উমৰাংচুত ফেলকন মহোৎসৱৰ প্ৰস্তুতি তুংগত

ফেলকন চৰাইৰ বাবে বিখ্যাত উমৰাংচু ৷ অসম তথা বিভিন্ন ৰাজ্যৰ পৰা উমৰাংচুত নিউ টিংবুং গাঁৱৰ গ'ল্ফ কোৰ্চ আৰু আমুৰ ফেলকন চৰাই অহাৰ দৃশ্য উপভোগ কৰাৰ বাবে উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্য তথা অসমৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকৰ আগমন ঘটিছে উমৰাংচুলৈ (Tourists arrive at Umrangsu) ৷

Gujrat and Himachal Election: গুজৰাটৰ ফলাফলত প্ৰকাশ পালে প্ৰধানমন্ত্ৰীৰ ওপৰত থকা ৰাইজৰ আস্থা: ৰণজিৎ কুমাৰ দাস

আজি চলি আছে গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা(Gujrat and Himachal Election) ৷ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ(Minister Ranjit Kumar Dass) ৷ ৰাজ্য দুখনৰ ফলাফল সন্দৰ্ভত সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰি মন্ত্ৰী গৰাকীৰ মন্তব্য, ‘‘ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত থকা আস্থা প্ৰকাশ পালে’’(PM Narendra Modi) ৷

HSLC exam2023: নতুন শিক্ষানীতিৰে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

নতুন শিক্ষানীতিৰে এইবাৰ অনুস্থিত হ’ব মেট্ৰিক পৰীক্ষা (New Education Policy)। এইবাৰ ৪টা বিষয়ত থাকিব ৫০ টাকৈ ১ নম্বৰৰ প্ৰশ্ন । গণিত, ইংৰাজী,সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন । ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা । নতুনকৈ ৯ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা । এই পৰ্যন্ত ১ লাখ ৯৩ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰিছে ।

Prachand LCH : মিছামাৰী বায়ুসেনাৰ ঘাটিলৈ প্ৰচণ্ড লাইট কম্বেট হেলিকপ্টাৰ

তেজপুৰ মিছামাৰী বায়ুসেনাৰ ঘাটিত সংযোজিত হ'ব প্ৰচণ্ড (Prachand) লাইট কম্বেট হেলিকপ্টাৰ (LCH) । এই হেলিকপ্টাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুৰ্গা পূজাৰ সময়ত ৰাজস্থানৰ যোধপুৰাত মুকলি কৰিছিল আৰু নিজে হেলিকপ্টাৰখনত উঠি শুভাৰম্ভ কৰিছিল ।

Amazon: আমাজনে এইবাৰ বৰ্খাস্ত কৰিব ২০ হাজাৰ কৰ্মচাৰীক

আগন্তুক মাহত আমাজনে প্ৰায় ২০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে । কম্পিউটাৰ ৱৰ্ল্ডৰ প্ৰতিবেদন অনুসৰি ইয়াৰ ভিতৰত কৰ্পৰেট কাৰ্যবাহীসকলো অন্তৰ্ভুক্ত হ’ব ।

Tribute to Gen Vipin Rawat: আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকী

আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্য়ু বাৰ্ষিকী (Gen Vipin Rawat death anniversary) ৷ 2021 চনৰ আজিৰ দিনটোতেই কন্নুৰত ভাৰতীয় সেনাৰ এখন Mi-17V-5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু ঘটে জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ হেলিকপ্টাৰখনত থকা 14 গৰাকী আৰোহীৰ (CDS chopper crashed) ৷ প্ৰথম মৃত্যু বাৰ্ষিকীত জেনেৰেল বিপিন ৰাৱাটলৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা জনালোঁ গভীৰ শ্ৰদ্ধা ৷

ABOUT THE AUTHOR

...view details