হোজাইৰ দাৰিয়া বস্তিত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহ
ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা ৷ এইবাৰ হোজাইত মৃত্যু হৈছে এটা বনৰীয়া হাতী (Elephant Died in Hojai) ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰী তীব্ৰ চাঞ্চল্য (Tragic incident in Hojai) ৷
বাৰটা সেৱাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত আয়োজন কৰা অনুষ্ঠানত এক নতুন সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে । পঞ্জীয়ন প্ৰমাণপত্ৰ সংশোধন, ডুপ্লিকেট পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদান কৰা, প্ৰব্ৰজন প্ৰমাণপত্ৰ প্ৰদান কৰা, ডুপ্লিকেট প্ৰব্ৰজন প্ৰমাণপত্ৰ প্ৰদান কৰা আদি সেৱা প্ৰযোজ্য কৰা হৈছে প'ৰ্টেলত ।
তেজপুৰত বান সন্দৰ্ভত সজাগতা অভিযান
তেজপুৰৰ ১৭৯৫টা পৰিয়াল সামৰি অপোনাৰ জীৱন-আমাৰ সম্পদ সজাগতা অভিযান(Awareness programme of Flood and Covid) । ঘৰে ঘৰে গৈ জনসাধাৰণৰ মাজত সৃষ্টি কৰা হ'ব সজাগতা । ১১টা বানপানী প্ৰৱণ ৰাজহ চক্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পাইলট প্ৰজেক্ট আৰম্ভ।
লখিমপুৰত ৰঙানদীয়ে সৃষ্টি কৰিছে তাণ্ডৱ: তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি নিষেধাজ্ঞা
নীপকোৱে পানী এৰি দিয়াৰ লগে লগে লখিমপুৰ জিলাত বান পৰিস্থিতি অতি ভয়াৱহ হৈ উঠিছে (NEEPCO cause flood in Lakhimpur)। জলবন্দী শ শ গাঁৱৰ ৰাইজ । নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি । তেজপুৰত প্ৰশাসনে বন্ধ কৰিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । গধুৰ যান-বাহনৰ লগতে ট্ৰাক, বাছ আদিৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ।
Flood situation of Assam : ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে লৈছে ভয়ংকৰ ৰূপ
ৰাজ্যৰ প্ৰায় ২৫ খন জিলা বানৰ কৱলত (Flood situation of Assam)। যোৱা ২৪ ঘণ্টাত বানপানী আৰু ভূমিস্খলনত ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । কামপুৰ আৰু মঙলদৈত বানে লৈছে ভয়ংকৰ ৰূপ ।