প্ৰথমবাৰলৈ তিনি পাহাৰীয়া জিলাই পালে মহিলা মন্ত্ৰীঃ জিলা এখন, মন্ত্ৰী দুজন
তিনিখন পাহাৰীয়া জিলা কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওৰ ভিতৰত প্ৰথমগৰাকী মহিলা মন্ত্ৰী হিচাপে একপ্ৰকাৰ ইতিহাস ৰচনা কৰিলে নন্দিতা গাৰ্লোচাই । ইয়াৰ পূৰ্বে এই তিনিখন পাহাৰীয়া জিলাৰ পৰা কোনো মহিলা মন্ত্ৰী অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা নাছিল ।
মন্ত্রীৰূপে শপত ললে জয়ন্ত মল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই
নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে । অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে দুয়োগৰাকী মন্ত্ৰীক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিলেখ: গাডকাৰীৰ অভিনন্দন
শেহতীয়াকৈ অতি কম সময়ৰ ভিতৰত ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৭৫ কিঃমিঃ অংশ নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI sets new Guinness World Record)। ১০৫ ঘণ্টা ৩৩ মিনিটতে আলকতৰা স্থাপন কৰি পথটো নিৰ্মাণ কৰা হৈছে । এই সফলতাত আনন্দিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী । টুইটযোগে শুভেচ্ছা জনালে মন্ত্ৰীগৰাকীয়ে ।
Presidential Election 2022 : আজি ঘোষণা হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ তাৰিখ
নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে (Presidential Election 2022)। ২৪ জুলাইৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব । সংসদৰ দুয়োখন সদনৰ সদস্যৰ উপৰিও সকলো ৰাজ্যিক বিধান সভাৰ নিৰ্বাচিত সদস্য, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিধান সভাৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব পাৰে ।
Success of IIT Guwahati: আন্তঃৰাষ্ট্ৰীয় মানত ১১ নং স্থানত আই আই টি গুৱাহাটী
চৰ্চাত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী চমুকৈ আই আই টি গুৱাহাটী ৷ পূৰ্বৰ সফলতা তথা গৌৰৱৰ ধাৰা অক্ষুন্ন ৰাখি পুনৰ জিলিকি উঠিছে আই আই টি গুৱাহাটীয়ে ৷ আন্তঃৰাষ্ট্ৰীয় ৰেংকত ১১ নম্বৰ স্থানত এই প্ৰতিষ্ঠানখনক শ্ৰেষ্ঠত্বৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে (IIT Guwahati improves in international rankings) ৷