অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : May 20, 2022, 5:08 PM IST

top-10-at-5-pm
5 বজাৰ শীৰ্ষ দহটা বাতৰি

অৰুণাচলৰ নেচিফুত ভূমিস্খলন; আহত দুই সাংবাদিক

অৰুণাচলত ভূমিস্খলন (Landslide in Arunachal) ৷ অৰুণাচলৰ নেচিফুত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত এই ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে আহত হয় অসমৰ দুই সাংবাদিক ৷

অস্ত্ৰ আৰু হিংসাই কেতিয়াও সমস্যা সমাধান নকৰে : এডিজিপি হীৰেন নাথ

‘‘অস্ত্ৰ আৰু হিংসাই কেতিয়াও সমস্যা সমাধান নকৰে । অস্ত্ৰ আৰু হিংসাৰে সমস্যা সমাধান কৰিবলৈ যোৱাৰ ফলত বহু বিদ্ৰোহী সংগঠন বিফল হৈছে আৰু এতিয়া বহু সশস্ত্ৰ সংগ্ৰামী নেতা মূল সূঁতিলৈ ঘূৰি আহিছে ৷ এইটো আচলতে এটা ভুল সিদ্ধান্ত ৷’’ ডিব্ৰুগড়ত এই মন্তব্য কৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে ৷

Hyderabad Encounter case: বন্ধ খামত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

হায়দৰাবাদত দলবদ্ধ ধৰ্ষণ আৰু পশু চিকিৎসকক হত্যাৰ গোচৰত চাৰিজন অভিযুক্তৰ এনকাউণ্টাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি তদন্ত আয়োগক বন্ধ খামত প্ৰতিবেদন (Sealed cover report ) দাখিল কৰাৰ নিৰ্দেশ দিছে ৷ সবিশেষ জানো আহক ৷

বৰপেটাত আগতীয়া বানত বিধ্বস্ত খেতি পথাৰঃ মুৰে কপালে হাত দিছে কৃষকে

পল্লা আৰু নখান্দা নৈয়ে সৃষ্টি কৰা আগতীয়া বানে (Flood in Assam ) কৃষকৰ সকলো সপোন চাৰখাৰ কৰি পেলালে ৷ বহু কৃষকে মনৰ তাগিদাত বানত ডুব যোৱা ধান কিবাকৈ চপাইছে যদিও সিয়ো এতিয়া ভালুকৰ সাঙীতহে পৰিণত হৈছে ৷

World Boxing Championship 2022 : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ

তেলেংগনাত বিজয় উৎসৱ । তেলেগু নিখাত জাৰিনে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় (Nikhat Zareen wins gold at Boxing Championships) কৰাৰ পাছতে ৰাজ্যজুৰি উখল মাখল পৰিৱেশ । মুখ্যমন্ত্ৰী, ৰাজ্যপালেও শুভেচ্ছা জনাইছে জাৰিনক । মন্ত্ৰী প্ৰশান্ত ৰেড্ডীৰ ১ লাখ টকাৰ উপহাৰ ঘোষণা ।

1988 road rage case : আত্মসমৰ্পণৰ বাবে কেইসপ্তাহমান সময় লাগে নৱজ্যোৎ সিং সিদ্ধুক

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে ৩৪ বছৰ পুৰণি গোচৰত এক সিদ্ধুৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰে (Navjot Singh Sidhu sentenced to one year rigorous imprisonment)। ইয়াৰ পাছতে আত্মসমৰ্পণৰ বাবে অধিক সময় বিচাৰি আদালতৰ কাষ চাপিল সিদ্ধুৰ অধিবক্তা । উচ্চতম ন্যায়লয়ৰ বিচাৰপীঠে মুখ্য ন্যায়ধীশক বিষয়টো উত্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে ।

'ইয়ং টাইগাৰ' জুনিয়ৰ এন.টি.আৰৰ বিষয়ে কিছুমান আকৰ্ষণীয় তথ্য জানো আহক

চুপাৰষ্টাৰ জুনিয়ৰ এন.টি.আৰে আজি তেওঁৰ ৩৯ তম জন্মদিন উদযাপন কৰিছে (Junior NTR birthday) । লাখ লাখ অনুৰাগীয়ে তেওঁলৈ যাচিছে যথেষ্ট মৰম আৰু শুভকামনা । জুনিয়ৰ এন.টি.আৰৰ বিষয়ে আপুনি নজনা কেইটামান কথা আজি আপোনালোকলৈ আগবঢ়ালো ৷

কোটিটকীয়া পথৰ দুৰৱস্থা; গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে ৰাইজে

বিগত ডেৰ বছৰে সম্পূৰ্ণ নহ'ল টীয়কৰ কোটি টকীয়া চটাই চিনাতলী পথ নিৰ্মাণৰ কাম ৷ খলাবমা ৰাস্তাৰে যাতায়ত কৰোতে জীয়াতু ভুগিব লগাত পৰিছে অঞ্চলটোৰ ৰাইজ (Poor road Condition at Teok) ৷ উপায়ন্তৰ হৈ ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিবলৈ বোকাত নামিল স্থানীয় ৰাইজ ৷

পুৱাতেই লালু প্ৰসাদ যাদৱৰ বাসগৃহত চলিল চি বি আইৰ অভিযান

লালু প্ৰসাদ যাদৱ আৰু ৰাৱৰী দেৱীৰ বাসগৃহত চি বি আইৰ অভিযান (CBI Raid at Lalu Yadav residence) ৷ ৰেলৱে’ বিভাগত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত চলোৱা হৈছে এই অভিযান ৷

হায়দৰাবাদৰ এগৰাকী ৰোগীৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ

দীৰ্ঘদিন ধৰি কঁকালৰ বিষত ভূগি আছিল এজন ৫৬ বছৰীয়া লোকে । চিকিৎসকৰ ওচৰলৈ গ’ল তেওঁ ৷ প্ৰাৰম্ভিক অনুসন্ধান আৰু আল্ট্ৰাচাউণ্ড স্কেনত তেওঁৰ বাওঁ বৃক্কত একাধিক পাথৰৰ উপস্থিতি ধৰা পৰে ৷ অৱশেষত তেওঁৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ (206 kidney stones removed from man in Hyderabad)। সমগ্ৰ ঘটনাক লৈ হাস্পতালখনত কৌতূহলে বিৰাজ কৰিছে ।

ABOUT THE AUTHOR

...view details