অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি - Accident at Salt Factory in Gujarat

5 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-5-pm
5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : May 18, 2022, 5:00 PM IST

মাজুলীৰ গড়মূৰ আৰক্ষী থানাত প্ৰৱঞ্চক ৰাণা পগাগক মাৰাথান জেৰা

অৱশেষত মাজুলীৰ আৰক্ষীয়ে জেৰা কৰিলে প্ৰৱঞ্চক ৰাণা পগাগক(Rana Pogag interrogated at Garmur police station) ৷ মঙলবাৰে মাজুলী আৰক্ষীয়ে নগাঁও আৰক্ষীৰ পৰা জিম্মাত লৈছিল ৰাণা পগাগক । নিজকে ONGC বিষয়া হিচাপে চিনাকি দি ৰাণা পগাগে মাজুলীৰ কেইবাজনো ব্যৱসায়ীৰ পৰা কাম দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ ৷

Rajiv Gandhi assassination case: অন্যতম অভিযুক্ত এ জি পেৰাৰিভালনক কাৰামুক্তিৰ নিৰ্দেশ

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত ৩০ বছৰতকৈও অধিক কাল কাৰাবাস খাটি আছিল এ জি পেৰাৰিভালনে ৷ উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ১৪২ ৰ অধীনত বিশেষাধিকাৰ প্ৰয়োগ কৰি পেৰাৰিভালনৰ মুক্তিৰ নিৰ্দেশ দিয়ে ৷

Sheena Bora murder case : ছবছৰ পাঁচ মাহৰ পাচত জামিন পালে ইন্দ্ৰাণী মুখাৰ্জীয়ে

2012 চনত সংঘটিত হৈছিল শ্বীনা বৰাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড(Sheena Bora murder case) ৷ দীৰ্ঘদিনৰ অন্তত বুধবাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিলে শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক(Supreme Court grants bail to Indrani Mukherjee) ৷ 2015 চনৰে পৰা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী কাৰাবন্দী হৈ আছিল ৷

বিষাক্ত কাঠফুলা ভক্ষণ: এপ্ৰিললৈকে প্ৰাণ হেৰুৱালে বহুজনে

বিষাক্ত কাঠফুলা সেৱন কৰাটো বেছিকৈ দেখিবলৈ পোৱা যায় অসমৰ চাহ বাগিচা সমূহত । চাহ বাগিচা অঞ্চলৰ লোকৰ মাজত থকা আৰ্থিক দৈন্যতা আৰু শিক্ষাৰ অভাবেই হৈছে বিষাক্ত কাঠফুলা সেৱনৰ অন্যতম কাৰণ (Wild mushrooms cause death in Assam tea garden) ৷ বিষাক্ত কাঠফুলা বেছিকৈ চাহ বাগিচাৰ একাষৰীয়া ঠাইত উৎপন্ন হয় আৰু পাঁচ-ছয় মাহলৈকে সজীৱ হৈ থাকে ।

Hardik Patel resigned from congress : কংগ্ৰেছ এৰিলে হাৰ্দিক পেটেলে

কংগ্ৰেছ দল ত্যাগ কৰিলে গুজৰাটৰ ৰাজ্যিক কমিটিৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে (Hardik Patel quits congress)। ৰাজ্যিক নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি এই সিদ্ধান্ত নেতাগৰাকীৰ । বিজেপি অথবা আম আদমী পাৰ্টিত যোগদানৰ সম্ভাৱনা ।

Accident at Salt Factory in Gujarat: দেৱাল খহি পৰাৰ ফলত ১২ জন শ্ৰমিকৰ অকাল মৃত্যু

গুজৰাটৰ হালৱাদৰ এটা নিমখৰ কাৰখানাত ভয়ংকৰ দুৰ্ঘটনা । দেৱাল খহি পৰাৰ ফলত ১২ জন শ্ৰমিকৰ মৃত্যু (12 workers killed in salt factory accident)। এতিয়াও আৱদ্ধ বহু শ্ৰমিক । মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা ।

Assam flood updates : বানত আক্ৰান্ত ৰাজ্যৰ চাৰি লক্ষাধিক জনতা

ৰাজ্যত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি(Assam floods 2022) । কপিলীৰ বাঢ়নী পানীয়ে মধ্য অসমৰ বহু অঞ্চলৰ ৰাইজৰ বিপদ বঢ়াইছে । ইফালে বিচ্ছিন্ন দ্বীপত পৰিণত হৈছে ডিমা হাছাও জিলা । ত্ৰিপুৰা, মিজোৰাম, মণিপুৰৰ সৈতে বিচ্ছিন্ন ৰেল যোগাযোগ(Landslides Disrupt Rail connectivity) ৷

শোণিতপুৰ আৰক্ষীৰ জালত ৫ ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীৰ অভিযান (Sonitpur police raid against drugs)। কেইবাটাও অভিযানৰ অন্তত ৫ টা ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ । দুখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে ।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলি

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত উত্তেজনা । উদ্যানখনৰ বাসৱ নলাৰ সমীপত নিশা চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলি (Firing between forest guard and poachers)। কাঠ ফলা মেছিনৰ লগতে বিভিন্ন সঁজুলি উদ্ধাৰ । আন্ধাৰৰ সুযোগ লৈ চোৰাং চিকাৰীৰ পলায়ন ।

বন্ধ কোঠাত চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

গুৱাহাটীত যুৱকৰ ৰহস্যজনক মৃত্যু (Dead body of a photographer recovered in Noonmati) ৷ নুনমাটিৰ কৈলাশ নগৰৰ পূৱ ভৱানীপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ বাসগৃহৰ সৈতে সংলগ্ন কোঠাত উদ্ধাৰ হয় ফটোগ্ৰাফাৰ হিচাপে কৰ্মৰত পিংকু দাস নামৰ 20 বছৰীয়া যুৱকজনৰ মৃতদেহ ৷

ABOUT THE AUTHOR

...view details