অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-5-pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Mar 13, 2022, 5:24 PM IST

খেলি থাকোতেই গ্ৰেণেড ফুটি আহত শিশু

টিৰাপ জিলাত চাঞ্চল্যকৰ ঘটনা ৷ খেলি থাকোঁতেই গ্ৰেণেড বিস্ফোৰণ হৈ আহত শিশু (Three children injured grenade explosion) ৷ শিশুকেইটিক খুনচাৰ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ততাতৈয়াকৈ অসমৰ ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

ড্ৰাগছ সেৱন কৰিবলৈ নাপায় ইউৰিয়া সেৱন যুৱকৰ

নগাঁৱৰ জুৰীয়াত ড্ৰাগছ আসক্ত যুৱকৰ চাঞ্চল্যকৰ কাণ্ড ৷ ড্ৰাগছ সেৱন কৰিবলৈ নাপায় ইউৰিয়া সেৱন যুৱকৰ (Drug peddler consume urea in Nagaon)৷ সংকটজনক অৱস্থাত চিকিৎসাধীন যুৱকজন ৷

কৰ্মৰত ভাৰতীয় সেনা জোৱানৰ প্ৰাণতো হোলীগীতৰ গুঞ্জন

দৌল মহোৎসৱ বুলি ক’লেই এক অনামী পুলকত নাচি উঠে বৰপেটাবাসীৰ দেহ, মন-প্ৰাণ ৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু

এক পথ দুর্ঘটনাত আহত হৈ ডিব্ৰুগড় AMCH ত চিকিৎসাধীন হৈ আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনাই । কিন্তু অৱশেষত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে চাবিনা মিঞ্জে(National level female footballer passed away) ৷

অসমত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বহু দূৰৈত

দায়িত্বপ্ৰাপ্ত ছটা সংস্থা-প্ৰতিষ্ঠানে এতিয়ালৈকে ক্ৰয় কৰিছে ৬৭,৩৬৪ মেট্ৰিক টন ধান। উপকৃত হৈছে মাত্র ৯,৮৪৪ গৰাকী কৃষক । এফ চি আয়ে ৫,২৬৮ গৰাকী কৃষকৰ পৰা ক্ৰয় কৰিছে মাত্র ৩৫,৭৭৪ মেট্রিক টন ধান(FCI has not satisfactorily purchased paddy in Assam) । একমাত্র অসম কৃষি সামগ্রী বিপণন পৰিষদেহে নিৰ্ধাৰিত ৩১৫০ মেট্ৰিক টন ধান বিপৰীতে ইতিমধ্যে ক্ৰয় কৰিছে ২,১৭৬ মেট্ৰিক টন ধান ।

Brutal murder in Dibrugarh: ধলাজান চাহ বাগিচাত ৪ বছৰীয়া শিশুক ডিঙি কাটি হত্যা

ৰহমৰীয়াৰ ধলাজান চাহ বাগিচাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Brutal murder in Dibrugarh) ৷ ৩৫ বছৰীয়া শোনিত তাঁতীয়ে ডিঙি কাটি হত্যা কৰে এটি ৪ বছৰীয়া শিশুক ৷ তাৰ পাচতে ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজে ৷ ক্ষুব্ধ ৰাইজে ৰাজহুৱাভাৱে হত্যা কৰি জ্বলাই দিয়ে অভিযুক্ত শোনিত তাঁতীক ৷

অগপক বৰপেটা পৌৰসভা গঠন কৰাৰ বাবে আহ্বান বিজেপিৰ

বিজেপিৰ ৰাজ্যিক প্ৰভাৰী জয়ন্ত দাসে শুকুৰবাৰে বৰপেটাত এখন সংবাদমেল আহ্বান কৰি অগপক বৰপেটা পৌৰসভাখন গঠন কৰাৰ আহ্বান জনায় ৷ পৌৰ নিৰ্বাচনত (Assam Municipal Election 2022 Result) বৰপেটাত অগপই 11 খন আসন লাভ কৰাৰ পাছতেই এগৰাকী নিৰ্দলীয় সদস্যই দলটোত (Individual ward commissioner Joining AGP) যোগদান কৰাত অগপই পৌৰসভা গঠনৰ বাবে সমৰ্থন লাভ কৰে ৷

কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত সৃষ্টি হ’ব পাৰে ধুমুহা !

দেওবাৰে বিয়লি 4 বজাত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ বৈঠক (Congress Working Committee meet) ৷ পাঁচ ৰাজ্যৰ নিৰ্বাচনত শোচনীয় পৰাজয় সম্পৰ্কে মূলতঃ আলোচনা হোৱাৰ সম্ভাৱনা এই বৈঠকত ৷ দেওবাৰে হ’ব লগীয়া বৈঠকত কংগ্ৰেছ কাৰ্যকৰী কমিটি এক ধুমুহাৰ সাক্ষী হ’ব পাৰে বুলি অনুমান কৰা হৈছে ৷

Firing on defeated BSP candidate in Aligarh : আলীগড়ত পৰাজিত বিএছপি প্ৰাৰ্থীৰ ওপৰত গুলীচালনা

আলীগড়ৰ বাৰাউলি বিধানসভা সমষ্টিৰ পৰাজিত বিএছপি প্ৰাৰ্থী (BSP candidate in Aligarh) নৰেন্দ্ৰ শৰ্মাৰ ওপৰত গুলীচালনা ৷ শনিবাৰে সন্ধিয়া নৰেন্দ্ৰ শৰ্মা নামৰ প্ৰাৰ্থীগৰাকীয়ে আলীগড়ৰ পৰা বাৰাউলি অভিমুখে আহি থকা অৱস্থাত কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ বাহনখন আগচি ধৰি গুলীচালনা কৰে (Firing on defeated BSP candidate in Aligarh) ৷ এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ৷

হকী একাডেমী স্থাপনৰ লক্ষ‍্য অসম হকী সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি কেশৱ মহন্তৰ

অসম হকী সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাচতেই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰথমটো প্ৰতিক্ৰিয়া (Keshab Mahanta New Chairman of Assam Hockey) ৷ তদানীন্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালতে নিৰ্মাণ কৰিবলৈ লোৱা অসম্পূৰ্ণ হকী ষ্টেডিয়ামখন সম্পূৰ্ণ কৰিব অসম হকী সন্থাৰ নৱ নিৰ্বাচিত সভাপতি কেশৱ মহন্তই ৷

ABOUT THE AUTHOR

...view details