চাৰি দশকত জব্দ-উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ
চোৰাংচিকাৰী তথা সৰবৰাহকাৰীৰ পৰা জব্দ কৰা তথা মৃত গড়ৰ পৰা উদ্ধাৰ কৰা আঢ়ৈ হাজাৰ খৰ্গ ধ্বংস কৰা হ'ব । ২৯ আগষ্টত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ চৌহদত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হ'ব । এই শুনানিৰ পাছতে বন বিভাগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । পৰীক্ষা-নিৰীক্ষা আৰু শৈক্ষিক গৱেষণাকে ধৰি বিভিন্ন কাৰণত পাঁচ শতাংশ খৰ্গ সংৰক্ষণ কৰা হ'ব ।
দুৰ্গা পূজা 2021: কি বাৰ্তা আনিছে দেৱীৰ আগমন আৰু প্ৰস্থানে ?
সমাগত দুৰ্গা পূজা ৷ ক'ভিডমুক্ত হ'বনে এইবাৰৰ পূজা ৷ এইবছৰ মা দুৰ্গাৰ আগমন আৰু প্ৰস্থানে পৃথিৱীখনক ৰোগমুক্ত কৰিবনে ? কি বাৰ্তা আনিছে দেৱীৰ আগমন আৰু প্ৰস্থানে ?
ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন
ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমত 18 আগষ্টৰ পৰা লকডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে ৷ ব্যক্তিগত যান বাহনৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন জিলাসমূহৰ মাজত থকা নিষেধাজ্ঞা ইতিমধ্যে বাতিল কৰিছে চৰকাৰে ৷ কিন্তু গুৱাহাটী মহানগৰীত এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই সংক্ৰমণ ।
নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীৰে শিৱসাগৰত ঐক্য সেনা অসমৰ প্ৰতিবাদ
মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক বৰ্বৰভাৱে আক্ৰমণ কৰি মৃত্যুমুখলৈ ঠেলি দিয়া ৰিণ্টু শৰ্মাৰ ফাঁচীৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ । এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে ।
কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল
দুৰ্নীতিৰ অভিযোগেৰে গ্ৰেপ্তাৰ হোৱা প্ৰশাসনিক বিষয়া চাইবৰ ৰহমানক(Saibar Rahman) লগত লৈ বৃহস্পতিবাৰে কয়াকুছিত উপস্থিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল(CM Vigilance Cell Team) ৷ ধুবুৰীৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত তথা বৰ্তমানৰ শাখা উন্নয়নৰ উপ সচিব চাইবৰ ৰহমানৰ নিজ বাসগৃহৰ লগতে আন কেতবোৰ স্থানত অনুসন্ধান চলোৱাৰ সম্ভাৱনা আছে দলটোৰ ৷