অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 AT 5 PM

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 5 PM
সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Aug 9, 2021, 5:00 PM IST

জাৰি হ'ল নতুন SOP: শিথিল হ'ল সান্ধ্য আইনৰ সময়

সোমবাৰে পুনৰ জাৰি হ'ল ক'ভিড সংক্ৰান্তীয় নতুন নিয়ম (SOP) । ৰাজ্য চৰকাৰে জাৰি কৰা এই নতুন SOP কাৰ্যকৰী হ’ব মঙলবাৰ অৰ্থাৎ কাইলৈ পুৱা ৫ বজাৰ পৰা । সুদীৰ্ঘ সময়জুৰি বন্ধ হৈ থকা আন্তঃজিলা যাতায়ত খুলি দিয়াৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাই নতুন SOPত ।

নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ সৈতে কি আলোচনা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ?

সোমবাৰে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union home minister Amit Shah) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Narendra Modi)ৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা ৷ কেইবাটাও দিশৰ পৰা এই বৈঠক অসমৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

শিৱসাগৰত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও দিৱস

আজি ভাৰত ত্যাগ আন্দোলনৰ ৭৯ তম বাৰ্ষিকী ৷ 1942 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 9 আগষ্টত মুম্বাই (Mumbai)ৰ Gawalia Tank ৰ পৰা আৰম্ভ হৈছিল এই আন্দোলন ৷ এই উপলক্ষ্যে সোমবাৰে শিৱসাগৰত বাওঁপন্থী দলে বিজেপি দলৰ পৰা ভাৰত বচাও কাৰ্যসূচী ৰূপায়ন কৰে ৷

অসমৰ ভূমি বেদখলক লৈ উত্তপ্ত বিধানসভা : বিৰোধীৰ সদন ত্যাগ

আজি বাজেট অধিৱেশনৰ একাদশ দিন ৷ একাদশ দিনাও উত্তপ্ত হৈ পৰিল সদনৰ মজিয়া ৷ অসম ভূমি বেদখল কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে সদন ৷ যাৰ ফলত সদন ত্যাগ কৰিবলৈ বাধ্য হয় দুই বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফ ৷

আজি বিশ্ব আদিবাসী দিৱস

প্ৰতি বছৰে ৯ আগষ্টত বিশ্বজুৰি আদিবাসী দিৱস(WORLD INDIGENOUS DAY) পালন কৰা হয় । বিশ্বৰ বিভিন্ন জনজাতীয় লোকসকলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয় ।

ভাৰত ত্যাগ আন্দোলনৰ 79 বছৰ : কি ক'লে প্ৰধানমন্ত্ৰীয়ে

আজি ভাৰত ত্যাগ আন্দোলনৰ ৭৯ তম বাৰ্ষিকী ৷ ভাৰত ত্যাগ আন্দোলনৰ ৭৯ বছৰ উপলক্ষে আন্দোলনত অংশগ্ৰহণ কৰা মহান ব্যক্তিসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধাঞ্জলি ৷ 1942 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 9 আগষ্টত মুম্বাই(Mumbai)ৰ Gawalia Tank ৰ পৰা আৰম্ভ হৈছিল এই আন্দোলন ৷

কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা বিকাশ উপাধ্যায় মাজুলীত উপস্থিত

উপ-নিৰ্বাচনৰ পূৰ্বে মাজুলীত উপস্থিত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা বিকাশ উপাধ্যায় ৷ নিৰ্বাচন সন্দৰ্ভত মাজুলীৰ গড়মূৰৰ ৰাজীৱ ভৱনত দলীয় কৰ্মীসকলৰ সৈতে এক আলোচনাত মিলিত হয় সাংসদীয় সচিবগৰাকী ।

হাগ্ৰামাই NIA ৰ ভয়ত বিজেপিৰ কাষ চাপিছে : গোবিন্দ বসুমতাৰী

উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি গৰম হৈ পৰিছে বিটিআৰৰ বতাহ ৷ এনে সময়তে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সৈতে মিত্ৰতা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সতে গোপন বৈঠকত মিলিত হোৱা বুলি সৰৱ চৰ্চা চলিছে ৷ বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে এই সন্দৰ্ভত দেওবাৰে চিৰাং জিলাত দলীয় স্থিতি ব্যক্ত কৰে ৷

ভাৰত ত্যাগ আন্দোলনৰ 79 বছৰ : কি ক'লে প্ৰধানমন্ত্ৰীয়ে

আজি ভাৰত ত্যাগ আন্দোলনৰ ৭৯ তম বাৰ্ষিকী ৷ ভাৰত ত্যাগ আন্দোলনৰ ৭৯ বছৰ উপলক্ষে আন্দোলনত অংশগ্ৰহণ কৰা মহান ব্যক্তিসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধাঞ্জলি ৷ 1942 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 9 আগষ্টত মুম্বাই(Mumbai)ৰ Gawalia Tank ৰ পৰা আৰম্ভ হৈছিল এই আন্দোলন ৷

কেবিনেট পদমৰ্যদা প্ৰত্যাখান য়েদিয়ুৰাপ্পাৰ

কেবিনেট মন্ত্ৰীৰ পদমৰ্যদা প্ৰত্যাখান কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ(BS Yediyurappa) ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কেবিনেট মন্ত্ৰীৰ মৰ্যদা দিয়াৰ বাবে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়ে প্ৰদান কৰা নিৰ্দেশ অগ্ৰাহ্য কৰিছে য়েদিয়ুৰাপ্পাই ৷

ABOUT THE AUTHOR

...view details