অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jul 17, 2021, 5:00 PM IST

কিদৰে চৰকাৰী চিকিৎসালয়ৰ পৰা সন্ধানহীন ক'ভিড আক্ৰান্ত মহিলা !

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিডৰ চিকিৎসা চলি থকা অৱস্থাতে নিৰুদ্দেশ হৈছে এগৰাকী মহিলা ৷ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে চিকিৎসালয়খনৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন উত্থাপিত হৈছে ৷

ভয়াতুৰসকলক RSSত যোগদানৰ পৰামৰ্শ ৰাহুল গান্ধীৰ

নিৰ্ভীক লোকক নিজৰ ব্ৰিগেডত যোগদানৰ বাবে আহ্বান ৰাহুল গান্ধীৰ ৷ চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰা লোকসকলক দল এৰি যোৱাৰ আহ্বান ৰাহুল গান্ধীৰ ৷ ভয়াতুৰসকলক RSSত যোগদান কৰাৰ পৰামৰ্শ কংগ্ৰেছ নেতাগৰাকীৰ ৷

আইন ভংগকাৰীৰ পৰা জৰিমনা সংগ্ৰহ বাগৰি আৰক্ষীৰ

কলিয়াবৰত আৰক্ষীৰ ব্যাপক তৎপৰতা ৷ হেলমেট, মাস্ক পৰিধান নকৰাকৈ মুকলি বিচৰণ কৰা বহুজনক জৰিমনা বিহে আৰক্ষীয়ে ৷ একেটা দিনতে আৰক্ষীয়ে উদ্ধাৰ কৰিলে বুজন পৰিমাণৰ সুৰা ৷

বাজেট 2021-22: ৰঙিয়াৰ এপ'ল মিলৰ কৰ্মচাৰীলৈ ভাল খবৰ

১০৭৫৫৬.২৯ কোটি টকাৰ ব্যয় প্ৰস্তাৱেৰে শুকুৰবাৰে বিয়লি বিধানসভাৰ মজিয়াত বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ প্ৰথমখন বাজেট (Assam budget) দাখিল কৰিলে ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিললৈও ধাৰ্য কৰা হৈছে ১২ কোটি টকা ।

পথাৰত হাল বাঁওতেই কপাল ফুলিল কৃষকৰ

ভৰ্তি সোণোৱাল গাঁৱৰ ভূৱণ সোণোৱাল নামৰ কৃষক জনে পথাৰত হাল বাই থাকোতেই নাঙলত লাগি উঠি আহে এটা বাটি । তাৰ পাচতে আন ছটা বাতি উদ্ধাৰ হয় সেই স্থানত ৷ বাটি কেইটাৰ তিনিটা ভগ্ন অৱস্থাত আৰু চাৰিটা নিখুঁত অৱস্থাত উদ্ধাৰ হয় ৷

নিশ্চিহ্ন হোৱাৰ দিশে চৰাইদেউৰ সাপেখাতিৰ নেফা আলি সংযোগী পথ

নিশ্চিহ্ন হোৱাৰ দিশে চৰাইদেউ জিলাৰ সাপেখাতিৰ নেফা আলি সংযোগী পথ ৷ গৃহ সমষ্টিত ভয়ানক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কেতিয়া ব্যৱস্থা ল'ব সাংসদ তপন কুমাৰ গগৈয়ে (Tapan Gogoi) ৷

তৎপৰতা বাঢ়িছে বিদ্যুতৰ গ্ৰাহকৰ; কিন্তু কিয় ?

শক্তি বিভাগৰ শক্তি প্ৰদৰ্শনৰ পাছতেই তৎপৰ বিদ্যুতৰ একাংশ গ্ৰাহক ৷ বিদ্যুতৰ বিল দিবলৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ভীৰ বাঢ়িছে গ্ৰাহকৰ ৷ বিদ্যতৰ বিল পৰিশোধ কৰাৰ নামত কলিয়াবৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ লানি নিচিগা ভীৰ ৷

মৰাণত সাংবাদিক গোবিন দাসক শ্ৰদ্ধাঞ্জলী

যুৱ সাংবাদিক গোবিন দাসৰ স্মৃতিত সাপেখাতী চাৰিআলিত সহ সাংবাদিক সকলৰ উদ্যোগত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হয় ৷ ১৪ তাৰিখ বুধবাৰে নিশা প্ৰায় ১০ বজাত মটৰ চাইকেলেৰে ঘৰলৈ আহি থকাৰ অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷

কেতিয়া নিৰ্মাণ হ’ব শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ !

শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ 27 আৰু 54 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ডিমাচা ছাত্ৰ সন্থা (Dimasa Student's Union) ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ডিমাচা ছাত্ৰ সন্থাই ৷

চৰকাৰৰ হেমাহিৰ বাবে জহি-খহি গৈছে প্ৰাচীন কীৰ্তিচিহ্ন: টাইপা

শুকুৰবাৰে চৰাইদেউ জিলাৰ ঐতিহাসিক দগাযুঁজ ৰণকৌশল ক্ষেত্ৰত সদৌ অসম টাই আহোম যুৱ পৰিষদৰ চমুকৈ টাইপাৰ ২৬সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয় । সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই কংগ্ৰেছ তথা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ নৱদ্বীপ বৰুৱাই ৷

ABOUT THE AUTHOR

...view details