কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?
বুধবাৰে অনুষ্ঠিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) নেতৃত্বাধীন মন্ত্ৰীসভাৰ সপ্তমখন কেবিনেট(seventh cabinet) বৈঠক ৷ উক্ত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আজিৰ কেবিনেটত বিধায়ক পদ্ম হাজৰিকা(Padma hazarika)ক কেবিনেটৰ পদ মৰ্যদা প্ৰদান কৰা হয় ৷
হেল নৈৰ পাৰ বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা
ধুবুৰীৰ বিলাসীপাৰাত এম জি এনৰেগা আঁচনি (MGNERGA SCHEME) ৰ অধীনত কেইবাটাও আঁচনি ৰূপায়ানেৰে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম পূৰ্ণ গতিত চলিছে । প্ৰতিৰোধৰ কাম চলি থকাৰ ফলত সম্প্ৰতি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্বস্তিৰ নিশ্বাস লৈছে নৈপৰীয়া ৰাইজে ৷
জম্মুত অব্যাহত আছে পাকিস্তানী সন্ত্ৰাসবাদীৰ ড্ৰোণ কাৰ্যকলাপ
ধবাৰে পুৱা জম্মুৰ কালুচাক আৰু কুঞ্জৱানীত ড্ৰোণৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰা হয় । জম্মু বায়ু সেনা কেন্দ্ৰৰ (Jammu Air Force Station) কাৰিকৰী এলেকাত ড্ৰোণৰ দ্বাৰা দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল দেওবাৰে । প্ৰতিৰক্ষা মন্ত্ৰীয়ে সমগ্ৰ বিষয় পৰ্যালোচনা কৰি পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।
শশীকলাৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন মন্ত্ৰীৰ
তামিলনাডু আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰী চি ভি শানমুঘামে দাখিল কৰা অভিযোগৰ ভিত্তিত এ আই এ ডি এম কে (AIADMK)ৰ প্ৰাক্তন অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদক ভি কে শশীকলা (V K Sasikala) আৰু ৫০০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । শশীকলাৰ নিৰ্দেশত কেইবাজনো জ্ঞাত আৰু অজ্ঞাত লোকে তেওঁক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ তুলিছে শানমুঘানে।
২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰ নিৰ্ধাৰণ
ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে সজোৰে চৰ্চা চলিছিল যে, নতুন সমষ্টি পুণৰ নিৰ্ধাৰণৰ ভিত্তিতে ২০২১ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । কিন্তু অৱশেষত সেয়া সম্ভৱ হৈ নুঠিল ।