মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে মাডাৰ্ছ অ'ল্ড এজ হোমত মন্ত্রী অজন্তা নেওগ
বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে মন্ত্রী অজন্তা নেওগে আশ্ৰমখন পৰিচালনা কৰা মণিকা শৰ্মা আৰু উৎপল হৰ্ষবৰ্ধনৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰ সদায় দায়বদ্ধ।
বুবু কোঁৱৰৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড : পিতৃ
শিৱসাগৰ আৰক্ষীৰ এক বিশেষ অভিযানত গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী সীমান্তৰ আউট প’ষ্টৰ সমীপত বুধবাৰে সন্ধিয়া কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত থিতাতে মৃত্যু হয় ৷ বুবু কোঁৱৰৰ মৃত্যুৰ পাচতে পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ আনিছে উত্থাপন কৰিছে ৷
তিনিচুকীয়াতে অইল ইণ্ডিয়াৰ তেল চুৰিৰ 126টা গোচৰ পঞ্জীয়ন
দুলিয়াজান অইলৰ নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া ৰঞ্জিত কুমাৰ মাহাতু আৰু বিমল চেতিয়াই জনোৱা তথ্য অনুসৰি এতিয়ালৈকে তিনিচুকীয়া জিলাখনত ১৪২ টা তেল চুৰিৰ ঘটনা সংঘটিত হৈছে তাৰে ১২৬ টা ঘটনাৰ বিৰুদ্ধে গোচৰো পঞ্জীয়ন হৈছে বুলি সদৰি কৰে বিষয়া দ্বয়ে ৷
উত্তৰ প্ৰদেশ পালেগৈ শ্ব'হাম শ্বপিৰ স্বত্বাধিকাৰী সন্দীপ জালান
মঙলবাৰে সন্ধিয়া খোজকাঢ়িবলৈ যোৱাৰ পৰাই সন্ধান নাই সন্দীপ জালানৰ । উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এটা মন্দিৰত সন্দীপ জালানে আশ্ৰয় লোৱাৰ তথ্য লাভ কৰা হৈছে । এই সন্দৰ্ভত অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে । জানিব পৰা মতে অতি শীঘ্ৰে তেওঁক অসমলৈ লৈ অনা হ'ব ।
সংসদ ভৱন নে বাজপেয়ী ভৱনঃ ক'ত হ'ব সোণোৱালৰ সংস্থাপন ?
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব বুলি চৰ্চা অব্যাহত আছে যদিও এই বিষয়ত কোনো স্পষ্টতা নাই । কিয়নো, বিগত ১৮ জুনতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই জৰুৰীভাৱে দিল্লীলৈ মাতি পঠিয়াইছিল সোণোৱালক ।