অসম

assam

ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ খবৰ - TOP 10 @ 5 PM

5 বজাৰ 10 টা শীৰ্ষ খবৰ

সন্ধিয়া 5 বজাৰ 10 টা শীৰ্ষ খবৰ
সন্ধিয়া 5 বজাৰ 10 টা শীৰ্ষ খবৰ

By

Published : May 21, 2021, 5:09 PM IST

1.ক’ভিড পৰিস্থিতি সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে?

ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ তৎপৰ ৰাজ্য চৰকাৰ ৷ ক’ভিডৰ নতুন নীতি-নিয়ম সঠিকভাৱে পালন কৰাৰ বাবে শেহতীয়াকৈ ৰাজ্যত ক’ভিডত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

2.বিধানসভাত প্ৰৱেশৰ পূৰ্বে অখিল গগৈক দুৰ্ব্যৱহাৰৰ অভিযোগ

বিধানসভাত শপত লোৱাৰ পূৰ্বে কাৰাগাৰৰ পৰা উলিয়াই প্ৰথমে জিএমচিএইচত স্বাস্থ্য পৰীক্ষা আৰু তাৰ পাচত বিধানসভাৰ মজিয়ালৈ নিয়া হয় শিৱসাগৰ সমষ্টিত নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক ৷ কিন্তু বিধানসভাৰ মজিয়ালৈ নিয়াৰ পূৰ্বে নিৰাপত্তাৰক্ষী, স্বাস্থ্যকৰ্মী আৰু দণ্ডাধীশে অখিল গগৈক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বিধায়ক অখিল গগৈক বাধা প্ৰদান কৰিলেও তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে আৰু শিৱসাগৰৰ উন্নয়ন কেতিয়াও স্তব্ধ নহয় বুলি দাবী কৰে অখিল গগৈয়ে ৷

3.আশ্ৰয় শিবিৰৰ পৰা ঘৰমুখী ফিলিস্তানী পৰিয়াল

ইজৰাইলত হামাচৰ ১১ দিন ধৰি চলি থকা হিংসাৰ সমাপ্তিৰ বাবে ইজিপ্তৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল । এই সংঘৰ্ষত এজন পাঁচ বছৰীয়া শিশু আৰু এগৰাকী ১৬ বছৰীয়া কিশোৰীকে ধৰি অতি কমেও ২৩০ জন ফিলিস্তানী আৰু ১২ জন ইজৰাইলী নিহত হয় ।

4.প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 30 তম মৃত্যু বাৰ্ষিকী

30 তম মৃত্যু বাৰ্ষিকীত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলী ৷ বীৰ ভূমি স্মাৰকত প্ৰয়াত গান্ধীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ৷

5. এটা ট্ৰেন্সফৰ্মাৰক কেন্দ্ৰ কৰি সৃষ্টি সংঘাতৰ

চাৰিদিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ আছে কলিয়াবৰৰ গাখীৰখাটি গাঁৱত । ট্ৰেন্সফৰ্মাৰত থকা কাট-আউট সংযোগ কৰিব নিদিয়ে ওচৰৰ জাৱনি গাঁৱৰ কেইজনমান যুৱকে । যাৰ বাবে দুয়োখন গাঁৱৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে ।

6.নাহৰকটীয়াত ক’ভিড যোদ্ধাক সম্বৰ্ধনা

নাহৰকটীয়া সামূহিক চিকিৎসালয়ৰ ক’ভিড যোদ্ধাক সম্বৰ্ধনা জ্ঞাপন ৷ নাহৰকটীয়া প্ৰেছ ক্লাব আৰু ভোজপুৰী পৰিষদৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ থকা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা ৷

7.বজালীত কৰ’ণাৰ ভয়ংকৰ ৰূপ

বৃহস্পতিবাৰে বজালীত পুনৰ তিনিজন কৰ’ণা ৰোগীয়ে প্ৰাণ হেৰুৱায় । ইয়াকে লৈ জিলাখনত ১৩ জনলৈ বৃদ্ধি হয় নিহতৰ সংখ্যা ।

8.লোক্ৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

শোণিতপুৰৰ লোক্ৰাত চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিছে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, এক গোপন সূত্রৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে লোক্ৰাৰ ৰাজপথত তালাচী চলাই থকাৰ সময়তে এখন তীব্ৰবেগত আহি থকা নম্বৰপ্লেটবিহীন এল্ট’ গাড়ীক ৰ’বলৈ নিৰ্দেশ দিয়ে আৰক্ষীয়ে ৷ গাড়ীখনে আৰক্ষীৰ নিৰ্দেশ নামানি তীব্ৰবেগত পলায়নৰ চেষ্টা কৰে ৷ ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীৰ দলে খেদি খেদি চালকসহ গাড়ীখন কৰায়ত্ত কৰিবলৈ সক্ষম হয়

9.কন্টেইনমেন্ট জ’নত চিকিৎসাৰ অভাৱত চটফটাইছে ক’ভিড ৰোগীয়ে

ক’ভিডত আক্ৰান্ত এগৰাকী ৰোগীয়ে চটফটাব লগীয়া হৈছে চিকিৎসাৰ অভাৱত ৷ প্ৰশাসনে ব্যক্তিজনৰ গৃহত কণ্টেইনমেণ্ট জ'ন কৰি ৰখাত কোনো লোক সহায়ৰ বাবে যাব পৰা নাই । বৰ্তমান ব্যক্তিজন সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

10.চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ঋণগ্ৰস্ত মহিলাই আৰম্ভ কৰিব আন্দোলন

নিৰ্বাচনৰ সময়ত বিভিন্ন সভা সমিতিত হিমন্ত বিশ্ব শৰ্মাই ক্ষমতালৈ আহিলে মহিলাসকলৰ ঋণ পৰিশোধ কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু চৰকাৰৰ গাদী দখলৰ পাচতে কথাৰ সুৰ সলোৱাত ক্ষোভিত হৈ পৰিছে মহিলাসকল ৷

ABOUT THE AUTHOR

...view details