অসম

assam

ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 @ 5 PM

5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ
5 বজাৰ দহটা শীৰ্ষ খবৰ

By

Published : May 13, 2021, 5:02 PM IST

ভয়াৱহ ৰূপত কৰ'ণা: ঘণ্টাত তিনিজনৰ মৃত্যু

দহ দিনত ৰাজ্যৰ ৫৪৯ গৰাকী লোকৰ কৰ'ণাত মৃত্যু । ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিডত আক্ৰান্ত হৈ ৭১ গৰাকী লোকে প্ৰাণ হেৰুৱালে । ৰাজ্যৰ ৫,৬৫৭ গৰাকী লোক নতুনকৈ ক'ৰণাত আক্ৰান্ত হৈছে । প্ৰায় দুই কোটি লোকে লাভ কৰা নাই প্ৰতিষেধক ।

কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গাদী এৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ সুৱৰ্ণকূড়ত কৃষ্ণগুৰু একনাম জপ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হ'ব বিশ্বজিৎ দৈমাৰী

বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাৰ পদ ত্যাগৰ বাবে দিয়া পদত্যাগ পত্র ইতিমধ্যে গ্ৰহণ কৰিছে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে । বিজেপিৰ বিধায়কজনক অসম বিধানসভাৰ অধ্যক্ষৰূপে বাচনি কৰাটো প্ৰায় নিশ্চিত হৈছে ।

মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাচত পোন প্ৰথম বাৰৰ বাবে মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । কেইবাটাও কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈছে মাজুলীত । মাজুলীত উপস্থিতি হৈ পোনে পোনে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ যোৱাৰ পাচতে সত্রৰ গেটৰ পৰা মুখ্যমন্ত্ৰী গৰাকীক গায়ন বায়নেৰে আদৰণি জনায় ৷ দক্ষিণপাট সত্রত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই পোনে পোনে যাদৱৰায়ৰ চৰণত সেৱা লোৱাৰ পাচত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ সৈতে জলপান গ্ৰহণ কৰে। দক্ষিণপাট সত্ৰৰ ভঁৰাল দৰ্শন কৰি আউনিআটি সত্ৰ অভিমুখে ৰাওনা হয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

বিশ্বনাথত ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংঘালৰ

ক'ভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে বিশ্বনাথৰ জিলা উপায়ুক্তৰ সভাকক্ষত উপস্থিত হয় অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল । মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্তৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত কি দৰে ক'ভিড-১৯ ৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰিব পাৰি সেই বিষয়ে পৰ্যালোচনা কৰে ৷ মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক মাস্ক ব্যৱহাৰ কৰাৰ লগতে কোনো কাম নাথাকিলে বাহিৰত ঘুৰি নুফুৰিবলৈ আহ্বান জনায়।

মুখ‍্যমন্ত্ৰী-স্বাস্থ‍্যমন্ত্ৰীৰ কুশল কামনাৰ্থে কলিয়াবৰত বন্তি প্ৰজ্বলন

ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত সন্মুখৰ পৰা নেতৃত্ব দিয়া মুখ‍্যমন্ত্ৰী আৰু স্বাস্থ‍্যমন্ত্ৰীৰ কুশল কামনাৰ্থে বন্তি প্ৰজ্বলন ৷ কলিয়াবৰ বৈদিক সমাজৰ ৩৪ সংখ‍্যক প্ৰতিষ্ঠা দিৱসত অনুষ্টুপীয়া আয়োজনৰে নতুন চৰকাৰৰ বাবে প্ৰাৰ্থনা ৷

নতুন ক’ভিড নীতিঅনুসৰি অস্থায়ী ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিলে মৰাণ প্ৰশাসনে

ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা । প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা । এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনা আজিৰে পৰা কাৰ্যকৰী হৈছে । আনহাতে, ডিব্ৰুগড় জিলাৰ মৰাণতো ক'ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে । ক'ভিড আক্ৰান্ত সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত মৰাণৰ প্ৰশাসনো কঠোৰ হোৱাৰ পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে মৰাণ ৰাজহ চক্ৰৰ অধীনস্থ এলেকাৰ পদপথৰ সকলো অস্থায়ী দোকান-ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি দিয়ে পুলিচ প্ৰশাসনৰ সহযোগত স্থানীয় প্ৰশাসনে ।

চামগুৰিৰ খাটোৱালত লোমহৰ্ষক হত্যাকাণ্ড: নিহত এজন

নগাঁও জিলাৰ চামগুৰিৰ খাটোৱালত পৰিয়ালকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি ৷ জালাল উদ্দিন নামৰ এজন ব্যক্তিৰ চুৰিকাঘাতত নিহত হৈছে আব্দুল হাই নামৰ এজন লোক ৷ বৃহস্পতিবাৰে সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড ৷

২০ মে'ৰ পিছত মহাৰাষ্ট্ৰই ১.৫ কোটি ক’ভিশ্বিল্ড লাভ কৰিব: স্বাস্থ্যমন্ত্ৰী

২০ মে'ৰ পিছত মহাৰাষ্ট্ৰত ক'ভিড প্ৰতিষেধক ক’ভিশ্বিল্ডৰ ১.৫ কোটি পালি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাৰ ।

নলবাৰীত ক’ভিড পৰিস্থিতিৰ বুজ লৈ কি ক’লে কেশৱ মহন্তই ?

বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হৈ জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ নলবাৰী অসামৰিক চিকিৎসালয়ত হঠাতে উপস্থিত হৈ চৰকাৰী চিকিৎসকৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকীয়ে ৷ ক’ভিড পৰিস্থিতিৰ বুজ লৈ চাওক কি ক’লে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে..

ABOUT THE AUTHOR

...view details