অসম

assam

By

Published : May 10, 2021, 5:10 PM IST

ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

top-10-at-5-pm
বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

ৰহস্যজনক ভাৱে গংগা নদীত ওপঙিছে অৰ্ধশতাধিক মৃতদেহ

বিহাৰৰ বখাৰ জিলাৰ গংগা নদীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে অৰ্ধশতাধিক মৃতদেহ ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিহাৰ প্ৰশাসনে ইতিমধ্যে কেইবাজনো উচ্চ প্ৰদস্থ বিষয়াক মৃতদেহসমূহৰ তদন্তৰ বাবে প্ৰেৰণ কৰিছে ৷

মঙলবাৰে হিমন্ত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক

মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ১৪ জনীয়া কেবিনেটৰে প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব । প্ৰথম কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হ'ব ক'ভিডৰ জটিল পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি তাৰ উপায় নিৰ্ণয় কৰা ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কাৰ্যসূচীৰ অন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক টুইটযোগে প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বিগত পাঁচ বছৰত সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক দিয়া অৱদান অতুলনীয় বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷

ধলপুৰত ভেকচিন কেন্দ্ৰত ক’ভিড প্ৰট’কল ভংগ

লখিমপুৰ জিলাৰ ধলপুৰত ভেকচিন ল'বলৈ অহা ৰাইজে ভংগ কৰিলে ক'ভিড প্ৰট'কল ৷ সামাজিক দূৰত্ব অবিহনেই ভেকচিন ল'বলৈ ৰাইজৰ হেতা-ওপৰা ৷ বহুতৰ মুখত নাই মাস্ক ৷

ধন দাবী কৰি আৰক্ষীৰ জালত স্বয়ম্ভূ সাংবাদিক

চৰাইদেউত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৱেব প'ৰ্টেলৰ স্বয়ম্ভূ সাংবাদিকক । দাবী কৰা ধন নিবলৈ আহোঁতেই নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খোৱাঙৰ কৌশিক দে’ নামৰ স্বয়ম্ভূ সাংবাদিকগৰাকীক । শনিবাৰে ম'হ খুঁটি চাহ বাগিচাত ৮০০০ টকা দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে কৌশিকৰ বিৰুদ্ধে ।

২৪ ঘন্টাত বৰপেটা আৰক্ষীৰ জালত 4 টাকৈ চোৰ

বৰপেটা আৰক্ষীৰ অভিযানত ২৪ ঘন্টাৰ ভিতৰত আটক হৈছে চাৰিটাকৈ চোৰ ৷ আটক হোৱা চোৰকেইটা ক্ৰমে ফুলচান আলী, নজমূল হক, নৱজিৎ দাস আৰু ভগৱান মজুমদাৰ বুলি জানিব পৰা গৈছে ৷

জনীয়াত ঔষধ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

বৰপেটাৰ জনীয়াত দেওবাৰে নিশা সংঘটিত হ'ল পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়ালে তীব্ৰবেগী ট্ৰাকখনে । কথমপি প্ৰাণৰক্ষা চালক-হেণ্ডিমেনৰ ।

ৰহাত প্ৰাক্তন কংগ্ৰেছ নেতাক দলৱদ্ধভাৱে আক্ৰমণৰ অভিযোগ

নগাঁও জিলাৰ ৰহাত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা । এই মাৰপিটৰ ঘটনাত নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ প্ৰাক্তন সভাপতি দীপ দাস গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগা হয় ।

মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰথমটো বদলিৰ নিৰ্দেশ: প্ৰধান সচিবৰ দায়িত্বত সমীৰ সিনহা

মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰূপে নতুনকৈ নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ আইএএছ বিষয়া সমীৰ কুমাৰ সিনহাক । পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা পৱন কুমাৰ বৰঠাকুৰক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব পদলৈ বদলি কৰা হয় ।

তেলেংগানাত অস্থায়ীভাৱে 50 হাজাৰ চিকিৎসকক নিযুক্তি

মহামাৰী কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো চেষ্টা চলাই অহাৰ সময়তে তেলেংগানা চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে অস্থায়ী ভিত্তিত ৫০ হাজাৰৰো অধিক চিকিৎসক, চিকিৎসা কৰ্মীক নিয়োগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

ABOUT THE AUTHOR

...view details