অসম

assam

By

Published : Apr 20, 2021, 5:01 PM IST

ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...
সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

প্ৰতিষেধক সন্দৰ্ভত চৰকাৰৰ নমনীয় ৰণনীতি: ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ক'ভিড-১৯ টীকাকৰণৰ ক্ষেত্ৰত তৃতীয় পৰ্যায়ত নমনীয় আৰু ত্বৰান্বিতৰ ৰণনীতিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ নমনীয় ৰণনীতিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । ইয়াক প্ৰতিষেধক বৈষম্য ৰণনীতি বুলি অভিহিত কৰে নেতাগৰাকীয়ে ।

তেলেংগানাত নৈশ সান্ধ্য আইন জাৰি

দেশৰ বিভিন্ন ৰাজ্যৰ সমান্তৰালকৈ তেলেংগানাতো বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে চৰকাৰে । মঙলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ'ব নৈশ সান্ধ্য আইন ৷

ক'ভিড-১৯: ইন্দোৰত নিষিদ্ধ বিবাহ অনুষ্ঠান

কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ গণ সমাৱেশত বাধা আৰোপ কৰিছে ইন্দোৰ প্ৰশাসনে । ইন্দোৰত বিবাহ অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে । দেওবাৰৰ দিনটোত মধ্য প্ৰদেশত নতুনকৈ ১২,২৪৮ জন লোক মহামাৰীত আক্ৰান্ত হৈছে ।

ধ্বংসৰ গৰাহত ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ দেওশাল

1253 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই স্থাপন কৰিছিল ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ ৰাজধানী ৷ চুকাফাই চৰাইদেউ পাহাৰ শিখৰত স্থাপন কৰিছিল এখন দেওশাল ৷ বৃটিছৰ শাসনৰ সময়ত দেওশালখনৰ বহু সম্পদ অন্য ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল যদিও বৰ্তমানো পৰিত্যক্ত হৈ ৰৈছে এই ঐতিহাসিক দেওশালখন ৷ 2015 চনত চৰাইদেউক জিলা হিচাপে ঘোষণা কৰাৰ পাচতো দেওশালখন উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰ্যটন বিভাগে ৷

ক’ভিড প্ৰট’কল অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ দৰং প্ৰশাসন

ক’ভিড ১৯ ৰ দ্বিতীয়টো ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূৰ্বে সষ্টম হৈ পৰিছে দৰং জিলা প্ৰশাসন ৷ মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহাৰ লগতে নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সকীয়নি প্ৰদান দৰং আৰক্ষীৰ ৷

ডাঃ ভূমিধৰ বৰ্মনলৈ শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰদেহ ৷ মঙলবাৰে সদ্য প্ৰয়াত ডাঃ বৰ্মনৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন অনুষ্ঠানত উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ক’ভিড প্ৰটকলৰ মাজেৰে সম্পন্ন অশোকাষ্টমীৰ স্নান পৰ্ব

ধুবুৰীত সোমবাৰে ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা হয় অশোকাষ্টমীৰ পৱিত্ৰ স্নান পৰ্ব ৷ ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মীয় ৰীতি-নীতিৰে স্নান পৰ্ব সম্পন্ন কৰে ভক্তবৃন্দই ৷

জোনাইত ক’ভিড মহামাৰী সন্দৰ্ভত সজাগতা শিবিৰ

অসম গ্ৰামীণ জীৱিকা অভিযান অসম-মুৰ্কংচেলেক খণ্ড অভিযান শাখাৰ উদ্যোগত সোমবাৰে ক’ভিড-19 সম্পৰ্কে এক সজাগতা শিবিৰ অনুষ্ঠিত ৷ মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এই শিবিৰ অনুষ্ঠিত হয় ৷

দ্বিতীয়বাৰলৈ বাতিল বিশ্বনাথৰ ব’হাগী উৎসৱ

চৰকাৰৰ জটিল নীতি-নিৰ্দেশনা আৰু ৰাইজক ক’ভিড-১৯ ৰ পৰা সুৰক্ষিত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশ্বনাথৰ ব’হাগী উৎসৱ উদযাপন সমিতিয়ে ।

হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কৰ'ণাত আক্ৰান্তৰ সংখ্যাই

বিগত ২৪ ঘণ্টাত অসমত কৰ'ণাই প্ৰাণ ল'লে ৭ গৰাকী লোকৰ । আনহাতে, ৰাজ্যখনত নতুনকৈ কৰ'ণাত আক্ৰান্ত ১,৩৬৭ গৰাকী লোক । কামৰূপ মহানগৰ জিলাত যোৱা ২৪ ঘণ্টাত সৰ্বাধিক ৪৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।

ABOUT THE AUTHOR

...view details