হৰিনামৰ ধ্বনিৰে মুখৰিত কলিয়াবৰ
বিহুৰ হুঁচৰিয়ে আজিও প্ৰাধান্য পাই আহিছে গ্ৰামাঞ্চলত । গাঁৱৰ গৃহস্থৰ চোতালে-চোতালে বছৰটোৰ কুশলাৰ্থে আশীৰ্বাদ দিবলৈ উপস্থিত হয় হুঁচৰি দল । বাপতি সাহোন ৰঙালী বিহুত হুঁচৰি গোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰখা দেখিবলৈ পোৱা গ’ল কলিয়াবৰত । পুৰুষ-মহিলা, ডেকা-গাভৰু মিলি গাঁৱৰ প্ৰতিঘৰ গৃহস্থৰ চোতালত হুঁচৰি গাই পৰম্পৰা অটুট ৰখা পৰিলক্ষিত হয় । কলিয়াবৰত ঢোলৰ বিপৰীতে সংগত কৰা হয় খোল, নাগাৰা, বৰতাল, পাতিতাল, কৰতাল-ৰেপনি আদি । এতিয়া হৰিনামৰ হুঁচৰিৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে কলিয়াবৰৰ চৌপাশ । ব’হাগত গৃহস্থৰ চোতালত হুঁচৰি গাবলৈ অহা ৰাইজৰ পদধূলাই আশীষ ধন্য কৰি তুলিছে প্ৰতিঘৰ গৃহস্থক ।
ৰাজ্যত ক'ৰণা আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু
ৰাজ্যত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ লোকজনৰ নাম বাদল নাগ (৮০) বুলি জানিব পৰা হৈছে ৷ বাদল নাগৰ ঘৰ চাপৰৰ ৫ নং ৱাৰ্ডৰ নাগ পট্টিত ৷
কামপুৰত ড্ৰাগছসহ আটক দুই যুৱক
কামপুৰ আৰক্ষীৰ অভিযান ৷ কৰেক্স বটলৰ লগতে নিচাযুক্ত টেবলেটসহ আটক দুই যুৱক ৷
ভালুকপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা
শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত হয় ৰিপন বসুমতাৰী নামৰ এজন যুৱক ৷
কলিয়াবৰত চিনাক্ত বহিঃৰাজ্যৰ ক’ভিড সংক্ৰমিত মহিলা
কলিয়াবৰৰ শিলঘাট ৰে'ল ষ্টেচনত এগৰাকী ক’ভিড সংক্ৰমিত মহিলা চিনাক্ত ৷ ২৬ বছৰীয়া মহিলাগৰাকীৰ ঘৰ ৰাজস্থানত বুলি জনাইছে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য বিভাগে আক্ৰান্তক ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰে ৷