অসম

assam

By

Published : Mar 24, 2021, 5:00 PM IST

ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি

তেৰছ গোৱালাৰ হৈ প্ৰচাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙৰ

দুলীয়াজানৰ বিজেপি প্ৰাৰ্থী তেৰছ গোৱালাৰ হৈ বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙে ৷ দুলীয়াজানৰ নাওহলীয়াৰ সমীপৰ জুতুলীবাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত হৈ ৰমন সিঙে কয়, বিজেপিয়ে অসম চুক্তি আৰু অসমীয়া ভাষা সংৰক্ষণৰ লগতে জনজাতিকৰণৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে ব্যৱস্থা কৰিব ৷ অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৰমন সিঙে ৷

স্বপন কুমাৰ মণ্ডলৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰদ্যুৎ বৰদলৈৰ

79 নং জাগীৰোড বিধানসভা সমষ্টিৰ কুৰাণীবৰীত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ হৈ প্ৰচাৰ চলালে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বিধায়ক পীযুষ হাজৰিকাক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, অসমত ছিণ্ডিকেটৰ প্ৰধান নেতা পীযুষ হাজৰিকা ৷ ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে বিজেপি চৰকাৰে ৷ বিজেপিয়ে গুণ্ডাগিৰি কৰি কংগ্ৰেছ কৰ্মীসকলক ভয়-ভাবুকি দিবলৈ ধৰিছে ৷

ৰূপহীহাটত অসম জাতীয় পৰিষদৰ বিশাল নিৰ্বাচনী সভা

ৰূপহীহাটৰ জুৰীয়াত অনুষ্ঠিত হ'ল অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভা । জুৰীয়া খেলপথাৰত অনুষ্ঠিত এই সভাত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে ।

ছামচুল হুদাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ

"ডঃ হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীৰ ভিতৰত কেৱল মোকহে ভয় কৰে । মন্ত্ৰী ডঃ শৰ্মাই সপোনে-দিঠকে কেৱল মোকহে দেখা পায়"- ধুবুৰীৰ চাপৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে এআইইউডিএফ-ৰ সভাপতি বদৰুদ্দিন আজমলে ।

ধুবুৰীত মহাজোঁট বন্ধনৰ বিশাল সভাত বদৰুদ্দিন আজমল

ধুবুৰীৰ ফলিমাৰীত মহাজোঁট বন্ধনৰ বিশাল সভাত আজমল-ৱাজেদ ৷ অসম চুক্তি ৰূপায়ণৰ বাবে মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান আজমলৰ ৷

ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান

ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান ৷ ধুবুৰী সমষ্টিত এ আই ইউ ডি এফক এৰি দিয়াক লৈ ধুবুৰী কংগ্ৰেছৰ ভিতৰ চ’ৰাত জ্বলিছে ক্ষোভৰ জুই ৷

দৰমহাৰ দ্বাৰা আমি মহিলাসকলক তেওঁলোকৰ অৱদানৰ স্বীকৃতিহে দিব বিচাৰিছো: কমল হাচান

6 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এটা সমষ্টিৰ পৰা আনটো সমষ্টিলৈ ঘূৰি ফুৰিছে মাক্কাল নিধি মাইয়াম দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা প্ৰবীণ অভিনেতা কমল হাচান ৷ ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক এচ শ্ৰীনিৱাসনৰ সৈতে এক সাক্ষাৎকাৰত দলৰ স্থিতি স্পষ্ট কৰিছে হাচানে ৷

বাক্সাত আগন্তক নিৰ্বাচনত এবছুৰ ভূমিকাৰ সম্পর্কে আলোচনা

বাক্সা জিলাৰ শিমলাত নিখিল বড়ো ছাত্ৰ সন্থাৰ চাপাগুৰি ককলাবাৰী আঞ্চলিক কমিটীৰ উদ্যোগত আগন্তুক বিধানসভা নিৰ্বাচনত নিখল বড়ো ছাত্ৰ সন্থাৰ ভূমিকা সম্পৰ্কে এক আলোচনা সভা ৷ আগন্তুক বিধানসভা নিৰ্বাচনত ইউ পি পি এল দলক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ ৷

ক'ভিড-19 ক প্ৰতিহত কৰিবলৈ আগৰতলা বিমানবন্দৰত বিশেষ ব্যৱস্থা

ক'ভিড-19 ক প্ৰতিহত কৰাৰ উদ্দেশ্যে আগৰতলা বিমানবন্দৰত বিশেষ ব্যৱস্থা গ্ৰহণ ৷ পশ্চিম ত্ৰিপুৰাৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ দেৱাশীষ দাসে জানিবলৈ দিছে এই কথা ৷ ক'ভিড-19 কঢ়িয়াই অনা লোকক চিনাক্ত কৰাৰ বাবে বিমানবন্দৰত যাত্ৰী সকলক পৰীক্ষা কৰাৰ বাবে স্ক্ৰিনিঙৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

ধিঙত দিন-দুপৰতে ডকাইতি কাণ্ড

ধিঙৰ সোণাৰী গাঁৱত বুধবাৰে দিন-দুপৰতে সংঘটিত হৈছে ডকাইতি কাণ্ড । মাইক্ৰ’ফাইনেঞ্চৰ কৰ্মচাৰীৰ পৰা দুৰ্বৃত্তই লুটি নিলে গোটৰ সংগৃহীত ধন ।

ABOUT THE AUTHOR

...view details