লক্ষ্য নিৰ্বাচন: ভোটাৰক আকৃষ্ট কৰিবলৈ মৰিয়নীত উপস্থিত স্মৃতি ইৰাণী
শনিবাৰে মৰিয়নী সমষ্টিত উপস্থিত স্মৃতি ইৰাণী । কংগ্ৰেছক সমালোচনা বিজেপি নেত্ৰী গৰাকীৰ । জনসভাত সহস্ৰাধিক লোক উপস্থিত ৷
এনচিপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ
এনচিপি দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে ইস্তাহাৰখন মুকলি কৰি কয় যে, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ ২১ ৰ নিৰ্বাচনত লক্ষ্য চৰকাৰ গঠন কৰা নহয় ৷ কেৱল জন সাধাৰণৰ মূল সমস্যাসমূহৰ ক্ষেত্ৰত যাতে বিধানসভাত মাত মাতি যাব পাৰে তাৰ লক্ষ্যৰে সামৰ্থ অনুসৰি সীমিত সংখ্যক সমষ্টিত দলটোৱে প্ৰাৰ্থী আগবঢ়াব ৷
চেঙা সমষ্টিত শুকুৰ আলী ইতিহাস হৈ ৰব: ৰবিউল হুছেইন
চেঙা সমষ্টিত এতিয়াও মিত্ৰজোঁট অগপই আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম ৷ কিন্তু গুৱাহাটীৰ পৰা দলীয় টিকট লৈ চেঙাত উপস্থিত হোৱাত ৰবিউল হুছেইনে এক বৃহৎ বাইক ৰেলীৰে পৰিভ্ৰমণ কৰিলে চেঙাৰ উত্তৰপাৰৰ বৃহৎ অঞ্চল ৷
কলিয়াবৰত প্ৰশান্ত কুমাৰ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ
৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ । গাঁৱে-গাঁৱে পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ । প্ৰশান্ত কুমাৰ শইকীয়াই দলীয় সমৰ্থকৰ সৈতে পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলায় ।
চাবুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা সন্ধিকৈ নেওগৰ নিৰ্বাচনী প্ৰচাৰ
121 নং চাবুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা সন্ধিকৈ নেওগৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰাৰ্থী গৰাকীক নিৰ্বাচনী আয়োগে ট্ৰেক্টৰৰ প্ৰতীক চিহ্ন প্ৰদান কৰিছে ৷ আলফা (স্বাঃ)-এ ফোন কৰি শুভেচ্ছা জ্ঞাপন কৰে প্ৰিয়ংকা সন্ধিকৈ নেওগক ।