ৰাণীৰ BSFৰ মুখ্য কাৰ্যালয়ত ভাৰত-বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক
২২ ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হৈছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক ‘বৰ্ডাৰ কো-অৰ্ডিনেশ্যন কনফাৰেঞ্চ’ ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাণীৰ BSFৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ এক যৌথ সংবাদমেল অনুষ্ঠিত হয় ৷
অবৈধ সম্পৰ্কক বৈধতা দিবৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীসহ দুই কন্যাক
ধুবুৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ স্বামীয়ে হত্যা কৰিলে পত্নী আৰু দুই কন্যাক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সমীৰ বসাকক ৷
জিএছটিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ'ল প্ৰৱঞ্চক
মালিগাঁওস্থিত জি এছ কে ৰিয়েলষ্টিক নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ জিএছটিৰ ধন হৰলুকি কৰি আটক হ'ল প্ৰতিষ্ঠান খনত কৰ্মৰত লালগণেশৰ ৰাজু দাস ৷ প্ৰায় আঢ়ৈ বছৰে ধন হৰলুকি কৰি আহিছিল ৰাজু দাসে ৷ জিএছটি কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰতিষ্ঠানখনৰ পঞ্জীয়ন বাতিল কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷
কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ
২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ'ব অমিত শ্বাহ । "অসম দৰ্পন" আঁচনিৰ মুকলি কৰি ৬,৯৭২ টা নামঘৰলৈ ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়াব । ৯ খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰিব । ইয়াৰোপৰি বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ১৮৮ কোটি টকীয়া প্ৰকল্পৰো শুভাৰম্ভ কৰিব গৃহ মন্ত্ৰীগৰাকীয়ে ।
যোৰহাটত লণ্ডনৰ পৰা অহা লোকৰ দেহত ক’ৰণা ভাইৰাছ
শুকুৰবাৰে যোৰহাটত লণ্ডনৰ পৰা অহা এজন লোকৰ দেহত পোৱা গৈছে ক’ৰণা ভাইৰাছৰ অৱস্থিতি । তেওঁৰ সংস্পৰ্শলৈ অহা এগৰাকী যুৱতীও নতুন ক’ৰণা ভাইৰাছত আক্ৰান্ত ৷ ঘটনাক লৈ যোৰহাটত তীব্ৰ আতংক ৷ এই ক্ষেত্ৰত আতংকিত নহ’বলৈ আহ্বান জিলা উপায়ুক্ত ৰোশনী অপৰাঞ্জী কোৰাটীৰ