যোৰহাটত তৰুণ গগৈক সুঁৱৰি সৰ্বধৰ্মীয় সভাৰ আয়োজন
আজি প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ অবিহনে দহটা দিন পাৰ হ'ল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ কুশল কোঁৱৰ মেম’ৰিয়েল ইনড’ৰ ষ্টেডিয়ামতো তৰুণ গগৈৰ স্মৃতিত আয়োজন কৰা হয় এক সৰ্বধৰ্মীয় সভা ।
'বুৰেৱী' ঘূৰ্ণীবতাহ পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে !
বৃহস্পতিবাৰে দক্ষিণ তামিলনাডুৰ উপকূলীয় জিলাসমূহ 'বুৰেৱী' ঘূৰ্ণীবতাহে প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে বুলি চেন্নাইৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে ।
তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত চিচিটিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
তদন্তৰ নামত আৰক্ষীয়ে অভিযুক্তৰ ওপৰত চলোৱা নিৰ্যাতনৰ প্ৰকৃত ছবি নিৰীক্ষণৰ বাবে বুধবাৰে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন আৰক্ষী থানাৰ লগতে CBI, ED, NIAৰ কাৰ্যালয়ত চিচি টিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ।
ৰঙাপৰাত পঞ্চাশ ঊর্ধ্বৰ এগৰাকী মহিলাক হত্যা
ৰঙাপৰাৰ কলাবিল গাঁৱত পঞ্চাশ বছৰীয়া এগৰাকী মহিলাক নৃশংস ভাৱে হত্যা ৷ হত্যাৰ লগত জড়িত থকাৰ সন্দেহত দুজন যুৱকক কৰায়ত্ত কৰিলে স্থানীয় ৰাইজে ৷ ঘটনাৰ লগত জড়িত আন এজন বৰ্তমানেও পলাতক ৷
সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুঃ ভাৰত চৰকাৰক প্ৰশ্ন UNESCOৰ
তিনিচুকীয়াৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বিষয় উত্থাপন হৈছে ৰাষ্ট্ৰসংঘৰ মজিয়াত । সাংবাদিকগৰাকীৰ মৃত্যু সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে UNESCOৰ সংঞ্চালক প্ৰধান অ'ড্ৰে এজৌলেই ।