অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - TOP 10 AT 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

By

Published : Nov 26, 2020, 5:00 PM IST

ধুবুৰীৰ আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি ধুবুৰীৰ ডুমৰদহ গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি ৷ আধাৰ অপাৰেটৰ আৰু পঞ্চায়তৰ কৰ্মচাৰীক গেটত তলা লগাই আৱদ্ধ কৰিলে ৰাইজে ৷

ঢেকীয়াজুলিত পথ দুৰ্ঘটনা : থিতাতে নিহত দুই

ঢেকিয়াজুলিৰ গেজেঙ্গাগুৰিত ট্ৰাক আৰু টমটমৰ মুখামুখি সংঘৰ্ষ ৷ সংঘৰ্ষৰ ফলত থিতাতে নিহত দুই ৷

৮৬ বছৰ গৰকা তৰণী ৰাস মহোৎসৱ এইবাৰ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত

কাৰ্যক্ৰমণিকা অনুসৰি প্ৰথম দিনা পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা অনুস্থানৰ অন্ত তৃতীয় দিনা নাগাৰা নামেৰে সামৰণি পৰিব বুলি উদ্যোগতাই উল্লেখ কৰিছে । এইবাৰৰ ৰাসত কৃষ্ণ লীলাৰ মৃণ্ময় মূৰ্তিসমূহৰ প্ৰদৰ্শনী বন্ধ কৰা হ’ব । কেৱল বৈদিক নীতিৰে অনুস্থিত হ’ব লগীয়া ৰাসত ওজাপালি আৰু নাগাৰা নামৰ ব‍্যৱস্থা কৰা হৈছে ।

ভাৰতৰ কৰ’ণা আক্ৰান্ত ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত শেহতীয়াকৈ 524 গৰাকী ব্যক্তিৰ মৃত্যুৰে কৰ’ণাত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে 1,35,223 গৰাকীলৈ ৷ দেশত 4,52,344 গৰাকীয়ে কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 86,79,138 গৰাকীয়ে ৷

নেপালে সোনকালে ঘোষণা কৰিব এভাৰেষ্টৰ নতুন উচ্চতা

এভাৰেষ্টৰ বৰ্তমানৰ উচ্চতা 1954 চনতে ভাৰতীয় জৰীপ বিভাগে ঘোষণা কৰিছিল ৷ নেপালে এভাৰেষ্টৰ উচ্চতা পুনৰ জোখাৰ কথা ঘোষণা কৰাৰ পাছত ভাৰতেও এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিল ৷ কিন্তু নেপালে ভাৰতৰ এই প্ৰস্তাৱ নাকচ কৰি নিজে পৰিমাপ কৰাৰ কথা উল্লেখ কৰে ।

শ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট

দেশত কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তেই সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি সমূহে শ্ৰমিক, কৃষকৰ লগতে সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷

কলগাছিয়াত অংগনবাদী কৰ্মী-সহায়িকাৰ ধৰ্মঘট

অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সদস্যাসকলৰ ধৰ্মঘট পালন ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

লখিমপুৰৰ বান্দৰদেৱাত নিষিদ্ধ হেৰ'ইন সহ নগদ ধন জব্দঃ আটক 2

বান্দৰদেৱাৰ বৰা উপাধিৰ এগৰাকী মহিলা আৰু লখিমপুৰৰ চৰিফুল ইছলামৰ পৰা 10.299 গ্ৰাম সন্দেহ যুক্ত হেৰ'ইন, গাঞ্জা, নগদ এক লাখ উনচল্লিশ হাজাৰ টকা আৰু চাৰিটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

চেন্নাইত গছ বাগৰি নিহত এজন লোক

বৃহস্পতিবাৰে চেন্নাইৰ বিবেকানন্দ হাউছৰ সমীপত থকা এডাল গছ হঠাতে উঘালি পথেৰে গৈ থকা এজন লোকৰ গাত বাগৰি পৰে ৷ আঘাতপ্ৰাপ্ত লোকজনক হাস্পতাললৈ লৈ যোৱা হয় অৱশেষত মৃত্যু হয় লোকজন ৷

ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত মাওবাদী

কুট্ৰু আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত দাৰভা জংঘলত পুৱা ৫ বজাত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু জিলা বাহিনীৰ এটা যুটীয়া দলে নক্সাল প্ৰতিৰোধী এক অভিযান চলায় ৷ দুয়োপক্ষৰ মাজত হোৱা গুলিয়াগুলিৰ পাছত পাছত অভিযানকাৰী দলটোৱে সংঘৰ্ষস্থলীৰ পৰা মাওবাদীটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷

ABOUT THE AUTHOR

...view details