কাৰ্বি আংলঙত 16 টা বাঘৰ দাঁত উদ্ধাৰ
কাৰ্বি আংলঙৰ বিৰলা অঞ্চলৰ পৰা জব্দ কৰা হৈছে 16 টাকৈ বাঘৰ দাঁত ৷ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজনকৈ লোকক ৷
ডিমা হাছাওত দল ত্যাগ কৰি বিজেপিত যোগদান কংগ্ৰেছ কৰ্মীৰ
ডিমা হাছাওত কংগ্ৰেছ দলৰ গৰাখহনীয়া ৷ দল ত্যাগ কৰি একাংশ কৰ্মীৰ বিজেপিত যোগদান ৷
অপৰাধমূলক কাৰ্য ৰোধৰ দাবীত স্মাৰকপত্ৰ প্ৰদান
কৰিমগঞ্জ জিলাত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্যসমূহ ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ ৷ বিশেষকৈ জিলাখনৰ শিৱবাড়ী এলেকাৰ মহিলাসকলৰ লগতে দুৰ্গাবাহিনীয়ে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷
ন্যাৰ্য প্ৰাপ্তিৰ দাবীত গুৱাহাটীত তৃতীয় দিনাও অব্যাহত আছে বাঘজানবাসীৰ প্ৰতিবাদ
গুৱাহাটীত বাঘজানৰ ভুক্তভোগীৰ প্ৰতিবাদ ৷ সংবাদমেল সম্বোধন কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ জনাইছে ক্ষতিপূৰণৰ দাবী; অন্যথা নিৰন্তৰভাৱে চলাই যাব ন্যাৰ্য প্ৰাপ্তিৰ সংগ্ৰাম ৷
পাঁচ দিন উকলাৰ পিছতো নিলম্বন নহ’ল কুমাৰ সঞ্জিৎ কৃষ্ণ
গ্ৰেপ্তাৰৰ ছদিন উকলি যোৱাৰ পিছতো চাকৰিৰ পৰা নিলম্বন হোৱা নাই আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ ৷ এইক্ষেত্ৰত গৃহ বিভাগৰ স্থিতি হৈ পৰিছে ৰহস্যজনক ৷ অসম আৰক্ষীৰ এছ আই কাণ্ডত নাম সাঙোৰ খাইছিল আৰক্ষী অধীক্ষকগৰাকীৰ ৷