ক'ৰণাত জুৰুলা হৈ সহায় ভিক্ষা বৌদ্ধ ভিক্ষুৰ
আৰ্থিক সংকটত ভুগি সহায় ভিক্ষা বৌদ্ধ ভিক্ষুৰ ৷ 70 বছৰ পূৰ্বেই 1953 চনত স্থাপিত হোৱা শিৱসাগৰৰ বৌদ্ধ বিহাৰ তীব্ৰ আৰ্থিক সংকটত ৷ লক ডাউনৰ লগতে আৰ্থিক মন্দাৱস্থাৰ বাবে বিহাৰ পৰিচালনা সমিতি ভিক্ষুসকলক দৈনন্দিন আৰ্থিক খৰছ প্ৰদান কৰাত ব্যৰ্থ হৈছে ৷ চিলিঙৰ প্লাষ্টাৰ খহি পৰাৰ লগতে বৰষুণৰ সময়ত পানী আৰু দেৱালয়ৰ বিভিন্ন ঠাইত ফাঁট মেলাত বৌদ্ধ বিহাৰটো ব্যৱহাৰৰ বাবে শংকাজনক হৈ পৰিছে ৷
ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা
ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰমজিৎ শুক্লাদাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷
SI কাণ্ডই জোকাৰিছে নলবাৰীক
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত বৃহৎ কেলেংকাৰীৰ ঘাটি হিচাপে পৰিচিত হৈছে নলবাৰী ৷ এই কেলেংকাৰীৰ সন্দৰ্ভত উন্মোচিত হৈছে ন ন তথ্য ৷ বৰ্তমান নিতুল বৰ্মন নামৰ এগৰাকী যুৱকৰ সন্ধানত অভিযান চলাইছে নলবাৰী আৰক্ষীয়ে ৷
গোঁসাইগাঁৱত হাতী দাঁতসহ আটক 4 জন লোক
কোকৰাঝাৰৰ গোঁসাইগাঁৱৰ পৰা বন বিভাগ আৰু এছ এছ বিৰ যৌথ অভিযানত জব্দ দুটাকৈ হাতীৰ দাঁত ৷ জব্দকৃত দাঁত কেইটাৰ লগতে 4 জন লোককো আটক কৰে অভিযানকাৰী দলটোৱে ৷
২০২১ৰ নিৰ্বাচনত হাজো সমষ্টিত টিকত নাপায় নেকি সুমন হৰিপ্ৰিয়াই ?
অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদ প্ৰদান কেৱল সান্তনাহে নেকি ? ২০২১ ৰ নিৰ্বাচনত হাজো সমষ্টিত টিকত নাপায় নেকি সুমন হৰিপ্ৰিয়াই ? মাতৃ বিজয়া চক্ৰৱৰ্তীৰ সৈতে কিয় কন্দল হয় বিধায়িকা কন্যাৰ ? কিয় বিয়াত নবহিল বিধায়কা সুমন হৰিপ্ৰিয়া ? ৰাজনীতি, সাংস্কৃতিক তথা ব্যক্তিগত জীৱন সামৰি ইটিভি ভাৰতেৰে সুমন হৰিপ্ৰিয়াৰ বিশেষ সাক্ষাৎকাৰ..