ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা
খোৱাঙৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত হোৱা বিসংগতিৰ বাবে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে সাব্য়স্ত কৰে প্ৰতিবাদ ৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন
মঙলবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত পালন কৰা হয় বিশ্ব গঁড় দিৱস ৷ উক্ত দিৱসৰ লগত সংগতি ৰাখি উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলাৰ উপায়ুক্তৰ লগতে উদ্যানখনৰ ৰেঞ্জাৰ আৰু অন্যান্য বিষয়ববীয়া ৷
30 ফুট তললৈ বাগৰি পৰিল সুৰা ভৰ্তি ট্ৰাক
বমডিলাৰ পৰা ইটানগৰ দিশে গৈ থকা অৱস্থাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰগাংত এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত পতিত হয় সুৰা ভৰ্তি এখন ট্ৰাক ৷
300 বছৰ পুৰণি মৰিগাঁৱৰ এখন সত্ৰ
প্ৰায় 300 বছৰ পুৰণি এখন সত্ৰ ৷ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ধৰ্ম প্ৰৱৰ্তন কালৰে সত্ৰখন ৷ কিন্তু প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনাৰ থল থকা ঐতিহাসিক সত্ৰ খনৰ অৱস্থা সম্প্ৰতি বাৰুকৈয়ে শোচনীয় ৷
কলগাছিয়াত চি আই টি ইউ আৰু কৃষক সভাৰ প্ৰতিবাদ
কলগাছিয়াত চি আই টি ইউ আৰু কৃষক সভাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ তালিকাৰ পৰা চাউল,দাইল,মিঠাতেল,আলু আদিক বাদ দিয়াত ক্ষুদ্ধ হৈ পৰিছে কৃষক সভা ।