যোৰহাট পৌৰসভাৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
যোৰহাট পৌৰসভাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । বহু মহলীয়া কাৰ পাৰ্কিং সম্পূৰ্ণ নোহোৱাৰ দাবীত সাব্যস্ত এই প্ৰতিবাদ ৷ বিগত সাত বছৰে আধৰুৱা হৈ পৰি ৰৈছে এই পাৰ্কিং নিৰ্মাণৰ কাম ৷
চৰকাৰী কাৰ্যালয়ত এখন লাখটকীয়া বিদ্যুৎ বিল
উৎকট গৰমৰ মাজতে কৰ্তব্য সম্পাদন ৷ চিৰাঙৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিগত এমাহৰ পৰা নাই বিদ্যুৎ ৷ দীৰ্ঘদিনে অনাদায় হৈ থকা এখন লাখটকীয়া বিদ্যুৎ বিলৰ বাবে বিদ্যুৎ সেৱা কৰ্তন কৰিছে জিলাখনৰ শক্তি বিভাগে ৷
পুথিচিত্ৰৰ শৈলীত বিশ্ব দৰবাৰলৈ গুৰুজনাৰ জীৱনী
অসমৰ কলা-কৃষ্টিক বিশ্ব দৰবাৰত তুলি ধৰা নগঞা শিল্পী সুজিত দাসৰ আন এক প্ৰয়াস । পুথিচিত্ৰৰ শৈলীত গুৰুজনাৰ জীৱনী অংকন কৰি বিলাইছে দেশে-বিদেশে ।
অসম দৰ্শন আঁচনিত সীতাজখলা মন্দিৰক সামৰি ল’ব নে চৰকাৰে ?
অয্যোধাত শ্ৰী শ্ৰী ৰাম চন্দ্ৰ মন্দিৰ নিৰ্মাণৰ পাছতেই সীতা দেৱীৰ মন্দিৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে মন্দিৰৰ পূজাৰী তথা সাধাৰণ লোকে । মহাকাব্যৰ পৰিঘটনাৰে সংপৃক্ত এই মন্দিৰটো পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ এক থল আছে ৷ অসম চৰকাৰে থলুৱা পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে যি অসম দৰ্শন আঁচনি ৰূপায়নৰ সিদ্ধান্ত লৈছে, সেই আঁচনিৰ অধীনত সীতাজখলা মন্দিৰকো সামৰি ল’ব পৰা যায় ৷ তেতিয়াহে এই মন্দিৰে জনমানসত নিজৰ ইতিহাস সমৃদ্ধ পৰিচিতি লাভ কৰিব ৷
জি এছ টিৰ ক্ষতিপূৰণৰ অচলাৱস্থাৰ প্ৰভাৱ
জি এছ টিৰ ক্ষতিপূৰণক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্ক আৰু কেন্দ্ৰীয় চৰকাৰৰ এই ক্ষেত্ৰত ভূমিকা এৰাই চলিব পাৰিব লাগিছিল । এই বিতৰ্ক ৰাজহুৱা নীতিৰ বাবেও এটা ডাঙৰ শিক্ষা । কিয়নো ভাৰতৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিবলৈ গ’লে যে অধিক সতৰ্ক হোৱা প্ৰয়োজন সেয়া ইয়াৰ পৰা বুজা যায় । এই বিষয়বোৰ যাতে অত্যুক্তি আৰু ৰাজনৈতিক শ্ল’গানৰ মাজত হেৰাই নাযায় । ভাৰতৰ দৰে জটিল আৰু বিচিত্ৰ দেশ এখনত যুক্তি, সুসংহত চিন্তাপ্ৰসূত ব্যাপক আৰু গভীৰ বিশ্লেষণৰ স্থান ৰাজনৈতিক শ্লোগানে পূৰ কৰিব নোৱাৰে ।