অসম

assam

ETV Bharat / state

বিয়লি পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 @ 5 PM

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 5 PM
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Sep 20, 2020, 5:11 PM IST

মিৰ্জা ক'ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি

মিৰ্জাৰ ক'ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি ৷ কৰ্মচাৰীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ কামৰ পৰা অব্যাহতি কৰ্তৃপক্ষৰ ৷

অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ধুবুৰীত প্ৰতিক্ৰিয়া

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাত ধুবুৰী জিলাৰ পৰা 9 টা পৰীক্ষা কেন্দ্ৰত মুঠ 2,408 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ কিন্তু প্ৰশ্নকাকাত ফাদিল হোৱা বাবে পৰীক্ষাকেন্দ্ৰ সমূহত বাতিল কৰা হয় পৰীক্ষা ৷

অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ দিল্লীৰ পৰাই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ তাৎক্ষনিক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

কলগাছিয়াত স্বচ্ছ ভাৰত অভিযানৰ ফোঁপোলা স্বৰূপ

বৰপেটাৰ কলগাছিয়াত প্ৰহসনত পৰিণত হৈছে স্বচ্ছ ভাৰত অভিযান ৷ কলগাছিয়া বজাৰৰ কদৰ্যময় পৰিৱেশ, মাজমজিয়াত থকা জাৱৰৰ দমে প্ৰতিপন্ন কৰে আঁচনিখনৰ বিফলতাৰ কথা । এক দুৰ্গন্ধময় পৰিৱেশৰ মাজত সামগ্ৰী বিক্ৰী কৰিছে ব্যৱসায়ীসকলে ৷ ভ্ৰূক্ষেপ নাই প্ৰশাসন, হাট লেচি তথা স্থানীয় জন প্ৰতিনিধিৰ ।

অসমৰ গাঁও মেঘালয়ত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা

দক্ষিণ কামৰূপৰ সাতখন গাঁও অচিৰেই অন্তৰ্ভূক্ত হ’ব মেঘালয়ত ৷ দেশে স্বাধীনতা লাভ কৰাৰ 74 বছৰ অতিক্ৰম কৰাৰ পিছতো সকলো দিশতে অৱহেলিত হৈ আছিল গাঁওকেইখন ৷ সেয়ে অসমৰ ভূমি এৰি মেঘালয়ৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে গাঁৱবাসীয়ে ৷

নাওবৈচাৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ খাদ্যত পোক, চুলি

নাওবৈচা মহাবিদ্যালয়ৰ COVID কেয়াৰ কেন্দ্ৰৰ খাদ্যত ওলাল পোক, চুলি ৷ এই বিষয়ক লৈ তীব্ৰ প্ৰকিক্ৰিয়াৰ সৃষ্টি হৈছে ৰোগীৰ মাজত ৷

ৰঙিয়াৰ বিদ্যালয়সমূহত বিশেষ তৎপৰতা

শিক্ষা বিভাগৰ নিৰ্দেশনাৰ পিচতে তৎপৰ হৈ পৰিছে শিক্ষানুষ্ঠান সমূহৰ কৰ্তৃপক্ষ । ৰঙিয়াৰ কাউৰবাহাৰ এ পি জে আব্দুল কালাম হাইস্কুল আৰু কাউৰবাহা ফখৰুদ্দিন মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান কৰাৰ আগতে কৰ্তৃপক্ষই আৰম্ভ কৰিছে বিদ্যালয় ছেনিটাইজৰ ব্যবস্থা ।

বনগাঁৱত মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য

হত্যা নে আত্মহত্যা ! অসম অৰুণাচল সীমান্তৰ বনগাৱঁত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী 40 বছৰীয়া লোকৰ মৃতদেহ ।

পত্নী-পুত্ৰ-কন্যা-ভাতৃৰ বাবে টিকট বিচাৰি হাহাকাৰ ৰাজনৈতিক শীৰ্ষ নেতাৰ

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ পত্নী, পুত্ৰ, ভাতৃ, কন্যা আদিক নিজা নিজা দলৰ পৰা প্ৰাৰ্থিত্ব দিবলৈ তৎপৰ হৈ পৰিছে কেইবাটাও ৰাজনৈতিক দলৰ শীৰ্ষ নেতা সকল । ইটিভি ভাৰতে ইতিমধ্যে সংগ্ৰহ কৰিছে সেই সকলো তথ্য । কোন কোন ৰাজনৈতিক নেতা আছে এই তালিকাত চাওক এই প্ৰতিবেদনত ৷

চিৰাঙৰ কদমতলিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক আদৰণি

জাতীয় স্বাৰ্থত পুনৰ হাগ্ৰামা মহিলাৰী বিটিচিৰ প্ৰধান হোৱাটো বিচাৰে আক্ৰাছুৱে। কোচ-ৰাজবংশী সকলৰ জনজাতি কৰণ সন্দৰ্ভত চলিত মাহৰ শেষৰপিনে অনুষ্ঠিত হ’বলগীয়া মন্ত্ৰী গোটৰ বৈঠকত চুড়ান্ত সিদ্ধান্ত লোৱা হ'ব : চন্দন ব্ৰহ্ম ৷

ABOUT THE AUTHOR

...view details