চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ
চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অসম চাহ মজদুৰ সংঘৰ । ৰাজ্যৰ প্ৰতিখন বাগিচাত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী প্ৰদৰ্শন কৰে চাহ শ্ৰমিকসকলে ৷
প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিন উপলক্ষে গোলাঘাটত ৰক্তদান শিবিৰৰ আয়োজন
গোলাঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন পালন ৷ জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ অনুষ্ঠিত ৷ গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰৰ নেতৃত্বত প্ৰায় 80 গৰাকী যুৱক-যুৱতীয়ে ৰক্তদান কৰে ।
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত সম-অধিকাৰৰ দাবীত কলিতা ছাত্ৰ সন্থাৰ ধৰ্মঘট
সদ্যঘোষিত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত সম-অধিকাৰ,সম-মৰ্যাদাৰ দাবীৰে বঙাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম কলিতা ছাত্ৰ সন্থাই ৷
সমাগত মহালয়া আৰু বিশ্বকৰ্মা পূজাৰ বাবে কৰিমগঞ্জ প্ৰশাসনৰ বিশেষ সতৰ্কতা
বিশ্বকৰ্মা পূজা মহালয়াৰ বাবে কৰিমগঞ্জ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ কোনো লোকে যাতে মহালয়াৰ নামত ক'ভিড-19 ৰ নীতি-নিয়ম ভংগ কৰিব নোৱাৰে তাৰবাবে সতৰ্ক জিলা প্ৰশাসন ৷
ক‘ভিড-19 পৰীক্ষণ কেন্দ্ৰত প্ৰধান শিক্ষকৰ মইমতালি
স্বাস্থ্য কৰ্মীসকল প্ৰতিদিনৰ দৰে নিজৰ কৰ্তব্য সম্পাদনৰ বাবে গৈছিল উক্ত কেন্দ্ৰলৈ । পূৰ্বৰ পৰা উপস্থিত থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ ডেকাই স্বাস্থ্যকৰ্মী সকলক বিদ্যালয় খনৰ মূল তোৰণৰ সন্মুখতে বিভিন্ন ধৰণে অপদস্থ কৰি ইয়াত কোনো ক'ভিড-19ৰ কেন্দ্ৰ নচলিব বুলিও খেদি পঠিৱাৰ অভিযোগ উত্থাপন হৈছে ৷