তেজপুৰত ব্যক্তিগত চিকিৎসালয়ৰ অৱহেলাৰ বাবে যুৱকৰ মৃত্যু
তেজপুৰত ব্যক্তিগত চিকিৎসালয়ৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল যুৱকৰ ৷ টকা জমা দিব নোৱাৰাৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই দুৰ্ঘটনাত পতিত হোৱা যুৱকক ICUৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷
মীৰুটত দেহ ব্যৱসায়ত জড়িত মহিলা গ্ৰেপ্তাৰ
শকিলা নামৰ এগৰাকী দেহ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে মীৰুট আৰক্ষীয়ে ৷ মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰা এই ব্যৱসায়ত জড়িত হৈ আছিল ৷ মহিলাগৰাকীয়ে অসম তথা পশ্চিমবংগৰ পৰা নাবালিকাসকলক চল-চাতুৰীৰে ক্ৰয় কৰি এই ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰিছিল ৷
নগাঁৱৰ শৃঙ্গাৰাপট্টিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা অংশ বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাৰ বাবে উক্ত স্থানত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷
গাঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ সিদ্ধান্ত ল'লে দক্ষিণ শালমাৰাৰ ৰাইজে
জনপ্ৰতিনিধিৰ আশ্বাস হেৰুৱাই জনসাধাৰণে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে পকী দলং ৷ সৰ্বস্তৰৰ লোকে জিলা উপায়ুক্তৰ পৰা অনুমতি সাপেক্ষে নৈখনত ৰাইজৰ দান বৰঙণিৰে এখন পকী দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছঃ চীনা বিজ্ঞানীৰ দাবী
এগৰাকী চীনা বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবী, চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছ ৷ চীনৰ বিজ্ঞানী ডঃ লি মেঙ য়ানৰ দাবী চীনা চৰকাৰ নিয়ন্ত্ৰিত য়ুহানস্থিত এক পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল ক'ৰণা ভাইৰাছ ৷ সমগ্ৰ প্ৰক্ৰিয়াটো পোহৰলৈ নানিবৰ বাবে তেওঁক আনকি ভাবুকিও প্ৰদান কৰা হৈছে ৷ অতি সোনকালেই সমগ্ৰ তদন্তৰ প্ৰতিবেদন বিশ্ববাসীৰ সন্মুখলৈ আগবঢ়াই দিব বুলি সদৰি কৰিছে চীনা বিজ্ঞানী গৰাকীয়ে ৷