পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ
বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ অনুসৰি শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে গুৱাহাটী বিশ্ববিদ্যালয় । অহা 15 ছেপ্তেম্বৰৰ পৰা 20 ছেপ্তেম্বৰলৈ বিএডৰ ব্যৱহাৰিক পৰীক্ষা আৰু 22 ছেপ্তেম্বৰ পৰা 29 ছেপ্তেম্বৰলৈ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । ইয়াৰোপৰি 22 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব আন আন স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ ।
৮০-১০০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব আছুৰ ৰাজনৈতিক দলে
এতিয়াও আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰা নাই সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গঠন হবলগীয়া নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে,কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত এই দলটোৱে কমেও ৮০ৰ পৰা ১০০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত । ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰাৰম্ভিক প্ৰস্তুতি চলিছে । সম্প্ৰতি সাংগঠনিক কামত তিনিচুকীয়াত ব্যস্ত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সোমবাৰে ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰে এই কথা ।
থানাৰ পৰা মুকলি হৈয়েই এজেৱাইচিপি নেতাৰ হুংকাৰ
থানাৰ পৰা মুকলি হৈয়েই হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ । বৃহৎ নদীবান্ধৰ কাম চলি থকালৈকে অব্যাহত থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন ।
অসমীয়া শিপিনীৰ তাঁতশালত প্ৰকাশ গুৰুজনাৰ গুণমালা
চাৰিঙিয়াৰ জ্যোতি বৰা দত্ত নামৰ এগৰাকী মহিলাৰ অপূৰ্ব সৃষ্টি ৷ কিছুদিন পূৰ্বেই তাঁতশালত গুণমালা লিখি উলিয়াছিল এই মহিলাগৰাকীয়ে ৷ সম্প্ৰতি পুনৰ তাঁতশালত গুৰুজনাৰ অপূৰ্ব সৃষ্টি ৰামবিজয় নাটখনৰ সম্পূৰ্ণ ৰূপ তছ মুগাৰ কাপোৰত ৰঙা সুতাৰ শব্দেৰে উজলাই তুলিছে জ্যোতি বৰা দত্তই ।
ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰিং বান্ধ
ব্ৰহ্মপুত্ৰৰ বানে এটা সুঁতিৰ সৃষ্টি কৰাত অঞ্চলটোৰ 1 নং আলিমুৰ, 2 নং আলিমুৰ ৰূপহীমুখকে ধৰি কেইবাখন গাঁৱৰ ৰাইজৰ ব্যাহত হৈ পৰিছে যাতায়ত ৷