দুৱাৰমুখত নিৰ্বাচন : তিনিখন নতুন আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
শুকুৰবাৰে এক সংবাদমেলযোগে তিনিখন নতুন আঁচনি ঘোষণা কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনিখন হৈছে ইতিপূৰ্বে চৰকাৰে বাজেটত ঘোষণা কৰি থোৱা স্বয়ম আঁচনি ৷ ইয়াৰ অধীনত ৰাজ্যৰ দুই লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে চৰকাৰে আগবঢ়াব 50 হাজাৰকৈ টকা ৷ এই ধনৰাশি চৰকাৰক পৰিশোধ কৰিব নালাগে ৷
বাট-পথৰ দুৰাৱস্থাই চৰম হাৰাশাস্তি ভোগাইছে বান বিধ্বস্ত লাওখোৱাবাসীক
একপ্ৰকাৰ বিচ্ছিন্ন লাওখোৱাৰ যাতায়ত ব্যৱস্থা ৷ পথৰ মাজতে ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত ৷ ফলত অঞ্চলসমূহলৈ যাব নোৱাৰে 108 এম্বুলেঞ্চ সেৱা ।
কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰীক্ষক
কাৰ্বি আংলঙত আম আদমী পাৰ্টীৰ নিৰ্বাচনী তৎপৰতা ৷ অসমৰ সৰু-বৰ ৰাজনৈতিক দলক আম আদমী পাৰ্টীত যোগদান কৰিবলৈ আহ্বান ৰাষ্ট্ৰীয় নিৰীক্ষক ৰাজেশ শৰ্মাৰ ৷
সমাগত বিশ্বকৰ্মা পূজা: মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ
অন্য বৰ্ষত পূজাৰ পূৰ্বে বিৰ দি বাট নোপোৱা অৱস্থা হোৱা মহানগৰীৰ লাচিত নগৰৰ মূৰ্তিৰ বিপণীসমূহত এতিয়া মাথো বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে ৷ কিয়নো এইসমূহ বিপণীত কৰ’ণা ভাইৰাছৰ বাবে অহা নাই কোনো অৰ্ডাৰ ৷ তদুপৰি মূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় কেঁচা সামগ্ৰী সমূহৰো কৰ’ণাৰ বাবে অত্যধিক দাম হোৱা বুলি শিল্পীসকলে প্ৰকাশ কৰিছে ৷
মহানগৰীত বাৰ্থডে’ পাৰ্টীত চলিল ৰিভলভাৰৰ গুলি
মহানগৰীৰ চান্দমাৰীত বাৰ্থডে’ পাৰ্টী উদযাপন কৰিবলৈ আহি গুলীবিদ্ধ হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হ'ব লগা হ'ল মিন্টু হাজৰিকা নামৰ এজন লোক ৷ কিবা কথাত হাজৰিকাৰ সৈতে পাৰ্টীত উপস্থিত থকা কিৰণ বনিয়াৰ কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছতেই এই ঘটনা সংঘটিত হয় ৷ আহত হাজৰিকা বৰ্তমান জি এন আৰ চিত চিকিৎসাধীন হৈ আছে ৷