অসম-নাগালেণ্ড সীমান্তত নিষিদ্ধ হেৰইনসহ আটক দুজন
কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত জব্দ ড্ৰাগছ ৷ দুজনক আটক ৷ বিগত ছমাহত বোকাজানত জব্দ হৈছে প্ৰায় ২ কেজি ৫০০ গ্ৰাম ব্ৰাউন চুগাৰ যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৭ কোটিৰো অধিক ।
মুম্বাইখন 'পাক অধিকৃত কাশ্মীৰ' যেন কিয় অনুভৱ হয়?:কংগনা
শিৱ সেনা সাংসদ সঞ্জয় ৰাৱটৰ কঠোৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে অভিনেত্ৰী কংগনা ৰাণাৱটে। টুইটযোগে কংগনাই প্ৰশ্ন কৰিছে যে, মুম্বাইত থাকিলে 'পাক অধিকৃত কাশ্মীৰ'ত থকা যেন কিয় অনুভৱ হয় ।
এপল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ঘাইপথ অৱৰোধ
এপল মিল পুনৰ উজ্জীৱিত কৰাৰ দাবীত বৃহস্পতিবাৰে ৰঙিয়া-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে এপল শ্ৰমিক সন্থাৰ লগতে বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই । লগতে বিধানসভাত চলি থকা বৰ্ষাকালীন অধিৱেশনত বিধায়ক ভৱেশ কলিতাই এপল মিলৰ বিষয়টো উপস্থাপন নকৰাত ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।
প্ৰমোদ বড়ো এজন পাগলঃ জগদীশ সৰকাৰ
প্ৰমোদ বড়ো এজন পাগল । ছাগলে নাখায় কি, পাগলে নকয় কি । এই বিস্ফোৰক মন্তব্য মুদৈবড়ী সমষ্টিৰ প্ৰাক্তন ইম এম জগদীশ সৰকাৰৰ ৷
তেলেংগনাত আৰক্ষীৰ গুলীত নিহত মাওবাদী
তেলেংগনা আৰক্ষীৰ গুলীত নিহত সন্দেহযুক্ত মাওবাদী সংগঠনৰ সদস্য। বৃহস্পতিবাৰে তেলেংগনাৰ ভাদ্ৰদ্ৰী-কথাগুডেম জিলাত যান-বাহনৰ তালাচী চলি থকা অৱস্থাতে মাওবাদী সংগঠনৰে জড়িতৰ সন্দেহত আৰক্ষীয়ে এজন লোকক গুলীয়াই হত্যা কৰে।