বিজেপিৰ কাৰ্যনিৰ্বাহকৰ তালিকাত নাম নাথাকিল বহু নেতাৰ
২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ ৭৪ জনীয়া তালিকাত অনুমোদন জনাইছে । ইতিমধ্যে সদ্য প্ৰকাশিত এই ৭৪ জনীয়া তালিকাক লৈ দলটোৰ আভ্যন্তৰত চৰ্চাৰ বিষয় হৈ পৰিছে ।
সোমবাৰে মুকলি হ'ব গুৱাহাটীৰ ৰোপৱে
যাত্ৰীৰ বাবে আছে এটা সু-খবৰ ৷ সোমবাৰে মুকলি হ’ব প্ৰত্যাশিত ৰোপৱে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই ৰোপৱে ৷ ৰোপৱেৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে সদৰী কৰিলে এই কথা ৷
লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত মৃৎ শিল্পীসকল
দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী ৷ দুৰ্গোৎসৱৰ পূৰ্বে প্ৰতিবাৰে এই সময়ত ব্যস্ততা বাঢ়ে মৃৎ শিল্পীসকলৰ ৷ শিল্পীসকল ব্যস্ত হৈ পৰে দেৱ-দেৱীৰ মৃণ্ময় মূৰ্তি বনোৱাত ৷ কিন্তু এইবছৰ কৰ'ণাৰ আতংকৰ বাবে বহু পৰিমাণে প্ৰভাৱিত হৈছে শিল্পীসকল ।
বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ যুৱক
বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে অসমৰ এগৰাকী যুৱকে ৷ উচ্চ শিক্ষিত হৈয়ো চৰকাৰী চাকৰিলৈ বাট নাচাই নিজ কষ্ট আৰু ধৈৰ্যৰ ফলত সফলতাৰ শীৰ্ষত বগাবলৈ সক্ষম হোৱা ধৈৰ্য কোঁৱৰ বৰ্তমান অঞ্চলটোৰ নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে ৷
গহপুৰত ধোঁৱা চাঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি
এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গহপুৰ মহকুমাৰ নলনীবাৰী, কেকুৰীজান, তিনিকোণীয়া আদি কেইবাখনো গাঁৱৰ ৰাইজে ৷ বিশুদ্ধ খোৱাপানীৰ অভাৱত আইৰণযুক্ত পানী সেৱন কৰি ৰাইজ বিভিন্ন চৰ্মৰোগৰ লগতে বিভিন্ন ৰোগত ভূগিবলগীয়া হৈছে ৷