অসম

assam

ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - Top 10 @ 5 PM

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 5 PM
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Jul 28, 2020, 4:52 PM IST

বিজেপি নেতৃত্বত সংঘাত: সাংগঠনিক সচিব গীতাৰ্থ গোস্বামীক অপসাৰণ

শাসকীয় দল বিজেপিৰ ভিতৰচ’ৰাত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাত তথা লবীকেন্দ্ৰিক ৰাজনীতিৰ পৰিণতিত সোমবাৰে অপসাৰিত হ’বলগীয়া হৈছে দলৰ সাংগঠনিক সচিব গীতাৰ্থ গোস্বামী । 2019 চনৰ জুলাই মাহত দলটোৰ নেতা তথা প্ৰভাৱী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছানুসৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে সাংগঠনিক সচিবৰ এটা পদ সৃষ্টি কৰি গীতাৰ্থ গোস্বামীক উক্ত পদত নিযুক্তি দিছিল ।

চলিত বৰ্ষত শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ গ'ল তিনিজনৰ

চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিৱসাগৰ জিলাত প্ৰাণ হেৰুৱালে তিনিজন লোকে ৷ কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত সজাগতা অভিযান গ্ৰহণত ব্যৰ্থ হৈছে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগ ৷

অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাঙত মানৱ শৃংখল

মঙলবাৰে টিংখাঙত একাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক নেতা অখিল গগৈ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয় ৷ অখিল গগৈক মুক্তি দিয়ক,বিজেপি চৰকাৰ হুচিয়াৰ,বিজেপি গ'বেক,আৰ এছ এছ হুচিয়াৰ,'কা' আমি নামনো আদি শ্লো'গানেৰে বিজেপি চৰকাৰক সমালোচনা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তোলে ৷

বিদেশী ন্যায়াধীকৰণত নিযুক্তিৰ দাবীৰে ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

নিযুক্তিৰ দাবীত আজি ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বিদেশী ন্যায়াধীকৰণ আদালতৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে ।

হীৰুদাৰ 88 সংখ্যক জন্মদিনত সুঁৱৰিলে যোৰহাটবাসীয়ে

সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ 88 সংখ্যক জন্মদিন ৷ যোৰহাট ষ্টেডিয়ামত থকা সুৰৰ দেউলত অনুস্তুপীয়াকৈ আয়োজন কৰা হয় কবিগৰাকীৰ জন্মদিন ৷ ইফালে জ্যোতি চিনে ক্লাবে সদৌ অসম ভিত্তিত অন লাইনৰ মাধ্যমেৰে হীৰুদাৰ কবিতা ওপৰত চিত্ৰাংকণ,গীত আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ লগতে কবি গৰাকীৰ এই বিশেষ দিনটোত ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সৃষ্টি ৰাজি অধ্যয়ন কৰিব পৰাকৈ এটা কেন্দ্ৰৰ দাবী তোলে যোৰহাটৰ ৰাইজে ৷

দক্ষিণ কামৰূপৰ বানাক্ৰান্তৰ "আকাংশা অসম"

"আকাংশা অসম" নামৰ ছাত্ৰ সকলোৰ এক বেচৰকাৰী সংস্থাৰ উদ্যোগত নহিৰাৰ প্ৰায় 250 জন বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে প্ৰয়োজনীয় সামগ্ৰী ৷ সংস্থাটোৰ শিক্ষাৰ্থী সকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে মাস্ক,চেনিটাৰী নেপকিন,ব্লিচিং পাউদাৰ আদি বিতৰণ কৰিলে ৷

শিলাদিত্য দেৱক উভতি ধৰিলে হোজাই জিলা RSSৰ ব্যৱস্থাপক শ্যামল ৰক্ষিতে

হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক এইবাৰ উভতি ধৰিলে হোজাই জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ব্যৱস্থাপক শ্যামল ৰক্ষিতে । লংকাত এখন সংবাদমেল পাতি বিধায়কজনৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়ায় শ‍্যামল ৰক্ষিতে ।

নাইট্ৰিক অক্সাইডে ক'ভিড-19ক বাধা দিব পাৰে : আমেৰিকান বিশ্ববিদ্যালয়

আমেৰিকাৰ ইউএছ মেডিকেল ইউনিভাৰ্ছিটীৰ মতে,নাইট্ৰিক অক্সাইডে ভাস্কুলাৰ ফাংচন সাধাৰণভাৱে কাম কৰাৰ লগতে ইনফ্লেমেটেৰি কাছকেডছ নিয়ন্ত্ৰিত কৰি ৰাখে,যিয়ে হৃদযন্ত্ৰৰ আঘাত আৰু শ্বাসতন্ত্ৰৰ অৱসাদ দূৰ কৰি ৰাখে ৷

গোলাঘাটত কৰ'ণাত আক্ৰান্ত হ'লেই কাৰাবন্দীয়ে আনন্দ কৰে কিয় ?

ৰেপিড এণ্টিজেন টেষ্টৰ ৰিপ’ৰ্টত ক'ভিড পজিটিভ ধৰা পৰিলেই আনন্দত আত্মহাৰা হয় একাংশ কাৰাবন্দী লোক ৷ ইতিমধ্যে বহু কেইজনৰ কাৰাবন্দী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷

বাক্সাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ

বাক্সাৰ 2নং ডোঙাৰগাঁৱত প্ৰায় ধাৰাবাহিকভাৱে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি চলাই গৈছে সন্ত্ৰাস ৷ নিশা পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে ডোঙাৰগাঁৱৰ বৰ্মন চুপাত প্ৰৱেশ কৰি গেন্দে বৰ্মন নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰি খাদ্য সামগ্ৰী খোৱাৰ লগতে লণ্ড-ভণ্ড কৰে ৷

ABOUT THE AUTHOR

...view details