অসম

assam

ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 5 PM
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jul 3, 2020, 5:04 PM IST

নলবাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ

নলবাৰীত মূল্যবৃদ্ধি ৰোধৰ বাবে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন আছুৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্য ৰোধৰ বাবে চহৰখনৰ পিএনচি পথত থকা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

বানে সংকট নমাইছে ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ

কৰ'ণা আৰু বানে দুৰ্যোগ নমাই আনিছে ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ ৷ কৰ'ণা মহামাৰীৰ তাণ্ডৱৰ পিচত কঁকাল ভাঙি পৰা কাঁহ শিল্প এইবাৰ বানৰ কবলত ৷

উত্তৰ প্ৰদেশত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ

প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই টুইটাৰযোগে উত্তৰ প্ৰদেশ আৰক্ষীৰ ৮ গৰাকী শ্বহীদৰ পৰিয়ালকৈ সমবেদনা জ্ঞাপন কৰি অপৰাধীসকল নিৰ্ভীক বুলি উল্লেখ কৰে। এইখন ৰাজ্যত জনসাধাৰণ বাদেই, আৰক্ষীৰ লোকো সুৰক্ষিত নহয় বুলি উল্লেখ কৰে ।

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিঃ গোৱালপাৰাত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

শুকুৰবাৰে গোৱালপাৰাৰ লক্ষীপুৰত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আম আদমী পাৰ্টীৰ সদস্য সকলে ৷

নেপালৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ এনচিপিৰ কাৰ্যবাহী সভাপতি প্ৰচণ্ডৰ

মংগলবাৰে নেপালৰ শাসনাধিষ্ঠিত এনচিপি দলৰ শীৰ্ষ নেতাসকলে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিৰ পদত্যাগৰ দাবী জনাইছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে কৰা ভাৰত বিৰোধী মন্তব্য তথা তেখেত ৰাজনৈতিক তথা কূটনৈতিকভাৱে উপযুক্ত নহয় বুলি শীৰ্ষ নেতাসকলে অভিযোগ উত্থাপন কৰি তেখেতৰ পদত্যাগৰ দাবী তুলিছিল।

প্ৰাক্তন ক্ৰিকেট খেলুৱৈ এবৰ্টন উইকৰ দেহাৱসান

১ জুলাইত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ক্ৰিকেট খেলুৱৈ এবৰ্টন উইকে । খেলুৱৈ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ন লাৰাই ।

পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত তামুলপুৰত আছুৰ প্ৰতিবাদ

পেট্ৰ'ল, ডিজেল, আলু পিয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই তামুলপুৰৰ ঘগ্ৰাচ'কত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

হাইলাকান্দিত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

হাইলাকান্দিৰ গ্ৰামীণ অঞ্চলত স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণৰত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰৰ ৷

বিশ্বকাপৰ ফিক্সিং সন্দৰ্ভত ছাংগাক্কাৰাক 10 ঘন্টাৰ জেৰা

বিশ্বকাপ,2011 ৰ ফাইনেলত ফিক্সিং সম্পৰ্কত শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাক্কাৰাক 10 ঘন্টাৰ জেৰা ৷ তেওঁৰ পূৰ্বে অৰবিন্দ ডি ছিলভা আৰু উপুল থাৰংগাৰ জবান-বন্দী লোৱা হৈছে ৷

ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱ : বিশ্বনাথত মেৰামতি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভগ্ন অংশ

বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ কাম অৰুণাচল টিকে নামৰ চাৰিলেন যুক্তপথ নিৰ্মাণ সংস্থাই লাভ কৰিছিল । কিন্তু বিগত চাৰিবছৰে নিৰ্মাণকাৰী সংস্থাটোৱে সম্পূৰ্ণ কৰিব নোৱাৰিলে পথটো নিৰ্মাণ কাৰ্য ৷

ABOUT THE AUTHOR

...view details