গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে গোলাঘাটত প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে ৷
ৰাজ্যৰ 28 জিলা বানৰ কবলত: 33 গৰাকীৰ মৃত্যু
বানৰ কবলত সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ প্ৰায় 28 খন জিলাৰ 92 টা ৰাজহ চক্ৰ প্লাৱিত কৰিছে বানে ৷ বৰ্তমানলৈকে ৰাজ্যত বানৰ সংহাৰী পৰিস্থিতিয়ে ক্ষতি কৰিছে 21,59,022 গৰাকী লোকক ৷
আশ্ৰয় বিচাৰি হাহাকাৰ কাজিৰঙাৰ বন্যপ্ৰাণী
পথৰ দাঁতি কিম্বা ওচৰ-পাজৰৰ অঞ্চল এতিয়া মুক্ত বিচৰণস্থলী হৈ পৰিছে কাজিৰঙাৰ একাংশ বন্যপ্ৰাণীৰ বাবে ৷ সম্প্ৰতি এই বন্যপ্ৰাণী সমূহৰ ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জাৰি কৰা হৈছে যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম ৷
বৃহস্পতিবাৰে পদত্যাগ পত্ৰ দাখিল কৰিব পাৰে নেপালৰ প্ৰধানমন্ত্ৰীয়ে !
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে বৃহস্পতিবাৰে নেপালবাসীক সম্বোধন কৰাৰ সম্ভাৱনা আছে কিয়নো প্ৰধানমন্ত্ৰী আৰু চৰকাৰী পক্ষৰ সহ অধ্যক্ষই পদত্যাগ পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে । সময় বৰ্তমানলৈ নিৰ্ধাৰিত হোৱা নাই যদিও প্ৰস্তুতি চলাই থকা হৈছে বুলি উল্লেখ কৰে । কেবিনেটৰ বৈঠকৰ পিচত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰে ।
"বেল বুটাম"ত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিব বাণী কাপুৰে
অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি "বেল বুটাম"ত মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী বাণী কাপুৰে ৷ ছবিখনত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰাৰ সুযোগ লাভ কৰি যথেষ্ট ৰোমাঞ্চিত হৈ পৰিছে অভিনেত্ৰীগৰাকী ৷