ৰাজনৈতিক সংকট : মণিপুৰৰ চাৰি বিধায়ক আৰু কনৰাড চাংমাসহ ইম্ফললৈ যাত্ৰা মন্ত্ৰী হিমন্তৰ
বুধবাৰে নিশা দিল্লীৰ পৰা আহি বৃহস্পতিবাৰে পুনৰ মণিপুৰৰ চাৰি বিধায়ক আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰে সৈতে মণিপুৰ অভিমুখে ৰাওনা হ'ল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ৷
ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভ : অমিত শ্বাহ
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে গান্ধী পৰিয়ালৰ ৪৫ সংখ্যক জৰুৰী অৱস্থাৰ বৰ্ষপূৰ্তিক লৈ বৃহস্পতিবাৰে মন্তব্য কৰি কয় যে, ৪৫ বছৰ পূৰ্বে আজিৰ দিনটোতেই ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভে জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰিছিল । নিশাৰ ভিতৰতে দেশখনক কাৰাগাৰলৈ ৰূপান্তৰিত কৰি পেলাইছিল । প্ৰেছ, আদালত, মুক্ত ভাষণ সকলো বন্ধ কৰি দিছিল । দৰিদ্ৰ আৰু দলিতসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল ।
বক্সাৰ লাভলীনা বৰগোঁহাইলৈ "ধনশিৰি ৰত্ন বঁটা"
ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই প্ৰতি বছৰে প্ৰদান কৰি অহা "ধনশিৰি ৰত্ন বঁটা" এইবাৰ আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোঁহাইক প্ৰদান কৰা হয় ৷ বুধবাৰে এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰে খেলুৱৈগৰাকীক |
বিজ্ঞান শাখাত অষ্টম স্থানেৰে উজ্বলিল শিৱসাগৰ নামতিৰ হিমাঞ্জলী
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিছে শিৱসাগৰ জিলাৰ নামতিৰ হিমাঞ্জলী বুঢ়াগোঁহাইয়ে ৷
পথৰ মাজত জাল লৈ মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে প্ৰতিবাদ
গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ অভিনৱ প্ৰতিবাদ ৷ বৰপেটাৰ বৰভিঠা বজাৰৰ পৰা আপৰূপী বৰতাৰী সংযোগী পথটো দীৰ্ঘ দিনে জৰাজীৰ্ণ হৈ থকাত যাতায়াতৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলৰ ৰাইজৰ ৷ অতি শীঘ্ৰে মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷