কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কীট
কৰিমগঞ্জৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰাজপথৰ কাষত ব্যৱহাৰ হোৱা পিপিই কীট উদ্ধাৰক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ কিয়নো কৰিমগঞ্জত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক বিৰোধিতা ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ
বড়োভূমিৰ পৰা অবড়ো গাঁও কৰ্তন আৰু বড়ো ভূমিত বড়ো গাঁও সন্নিবিষ্ট কৰাৰ লগতে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰাৰ দাবী জনাইছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে ৷
বৰমা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত নাই কোনো ধৰণৰ সুব্যৱস্থা
কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে প্ৰস্তুত কৰি তোলা বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত কোনো ধৰণৰ সুব্যৱস্থা নথকাৰ অভিযোগ উত্থাপিত হৈছে ৷
বকতাত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ দুজন
পুনৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি ৰাজ্যত অসুস্থ হৈছে দুজন ব্যক্তি ৷ শিৱসাগৰৰ বকতাত সংঘটিত উক্ত ঘটনাত আক্ৰান্ত দুগৰাকীক ইতিমধ্যে সংকটজনক অৱস্থাত মৰাণৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷
ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় দ্ৰৱ্য
লক ডাউনৰ সময়তো ধুবুৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা । ধুবুৰীৰ বালাজানত বাইকসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ।