এয়াৰ ইণ্ডিয়াৰ ৫ খন বিমানেৰে লণ্ডনৰ পৰা ভাৰতলৈ অনা হ'ব ১২০০ নাগৰিকক
কেন্দ্ৰীয় চৰকাৰৰ বন্দে ভাৰত মিছনৰ অংশ হিচাপে তৃতীয় পৰ্যায়ত এয়াৰ ইণ্ডিয়াৰ ৫ খন বিমানযোগে ভাৰতলৈ লৈ অনা হ'ব প্ৰায় ১২০০ নাগৰিকক। ১৮ জুনৰ পৰা ২৩ জুনৰ ভিতৰত লণ্ডনৰ পৰা নিজ দেশলৈ উভতাই অনা হ'ব বহিঃৰাষ্ট্ৰত আবদ্ধ লোকসকলক।
জোনাইত জেলখানাত ৪ যুৱকক হোম কোৱাৰেন্টাইন
জোনাইত চাৰি যুৱকৰ দুৰ্দশা। মহাৰাষ্ট্ৰৰ পৰা আহি সাতদিন ধৰি কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ থকাৰ পাচতে হোম কোৱাৰেন্টাইনলৈ পঠোৱা যুৱক কেইজনৰ ঠাইৰ অভাৱৰ বাবেই পৰিত্যক্ত তথা ভূতবাংলা সদৃশ জোনাইৰ জেলখানাত থাকিবলৈ বাধ্য হয় যুৱককেইজন ।
লক ডাউনৰ প্ৰভাৱ জাঁজীৰ লিচু বজাৰত
গ্ৰীষ্মকালীন সময়ৰ সকলোৰে প্ৰিয় এবিধ ফল হৈছে লিচু ৷ অসমৰ তেজপুৰৰ পিছতে বিশেষ নাম থকা শিৱসাগৰৰ জাঁজীৰ লিচু বজাৰত প্ৰভাৱ পৰিছে লক ডাউনৰ ৷ ফলত এইবেলি বজাৰখনত ভীৰ কৰা নাই পূৰ্বৰ দৰে ক্ৰেতাই ৷
হাতীৰ আক্ৰমণত নিহত কৃষক
ওদালগুৰিত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন কৃষকৰ ৷ পথাৰত হাল বাই থকা অৱস্থাত নিহত হয় লোকজন ৷ ইতিমধ্যে লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ডিমাকুছি আৰক্ষীয়ে ৷
পলাবলৈ চেষ্টা কৰা শ্ৰমিকৰ দলক কৰায়ত্ত ৰে’ল আৰক্ষীৰ
বহিঃৰাজ্যৰ পৰা অসম অভিমুখে অহা এটা 56 জনীয়া শ্ৰমিকৰ দলে গন্তব্যস্থান পোৱাৰ পূৰ্বে পলায়ন কৰে ৰে’লৰ পৰা ৷ পৰৱৰ্তী সময়ত হোজাই ৰে’ল আৰক্ষীৰ তৎপৰতাত আটক হয় শ্ৰমিকৰ দলটো ৷