হাজোত নাঁও দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা পাঁচগৰাকী মাছমৰীয়াৰ
হাজোৰ একাদিৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিয়ে এখন নাঁও ৷ দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰে পাঁচগৰাকীকৈ মাছমৰীয়াৰ ৷
হাইলাকান্দিত ভয়াৱহ ভূমিস্খলনঃ নিহত 7, আহত ৫
মঙলবাৰে পুৱা হাইলাকান্দিৰ ভটৰবজাৰ আৰু মোহনপুৰত ভয়াৱহ ভূমিস্খলনৰ ফলত 7 জনকৈ লোক নিহত হোৱাৰ লগতে একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যৰ মৃত্যু হয় । মৃত সকলৰ ভিতৰত ৪ টা শিশু থকা বুলি জানিব পৰা গৈছে । ভূমিস্খলনত আহত হৈছে ৫ জন ব্যক্তি।
তামুলপুৰত যুৱকৰ আক্ৰমণত আহত আৰক্ষী বিষয়া
কৰ'ণা আতংকৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ওডালগুৰি গাঁওত কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ এজন যুৱকৰ ৷ এজন কোভিড-১৯ ৰোগীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ফলতেই এইদৰে আৰক্ষী বিষয়াৰ ওপৰত জঁপিয়াই পৰে এজন যুৱক ৷
বেজেৰাত কৃষি বান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগ
পি এম কিষাণ নিধিৰ পিছতে ৰাজ্যত কৃষি বান্ধ নিৰ্মাণৰ নামত উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত ৰাম ঠগন কৃষকক ৷ অভিযোগ অনুসৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত বেজেৰা উন্নয়ন খণ্ডত কৃষি বান্ধ নিৰ্মাণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷
শ্ৰীৰামপুৰত তালাচী চকীত হ্ৰাস পাইছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা
উত্তৰ পূবৰ দুৱাৰমুখ তথা আন্তঃৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰ পৰীক্ষণ চকীত নাই মানুহৰ দীঘলীয়া শাৰী। দুদিন পূৰ্বে অজস্ৰ লোকৰ কোলাহল হৈ থকা শ্ৰীৰামপুৰ পৰীক্ষণ চকীত আজি কৰ্মচাৰীৰ ব্যস্ততাও কমি আহিছে ৷