অসম

assam

ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - শীৰ্ষ দহটা বাতৰি

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 3pm
বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Apr 21, 2021, 3:04 PM IST

অতি সংকটজনক অৱস্থাত চিকিৎসাধীন কণ্ঠশিল্পী ভিতালী দাস

ক'ভিড-19 ত আক্ৰান্ত হৈ অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাস ৷ গুৱাহাটীৰ কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কন্ঠশিল্পী গৰাকী ৷

অ’এনজিচিৰ বিষয়া মোহিনী মোহন গগৈৰ গৃহত কান্দোনৰ ৰোল

অৰুণাচলস্থিত কুইপ’ৰ কাৰ্যালয়ৰ পৰা বিগত বৰ্ষৰ 21 ডিচেম্বৰত দুগৰাকীকৈ অভিযন্তা অপহৃত হোৱাৰ পাচতে পুনৰ লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াক মঙলবাৰে মাজনিশা অপহৰণ কৰে বন্দুকধাৰী দুৰ্বৃত্তৰ দলে ৷ ডিমৌ সমীপৰ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত সৰুআলি গাঁৱৰ যুৱক মোহিনী মোহন গগৈয়ে 2015 চনৰ পৰা ONGC ৰ উৎপাদন বিভাগত কৰ্মৰত আছিল ৷ কিন্তু বুধবাৰে ৰাতিপুৱা অপহৰণৰ খবৰ বিয়পি পৰাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ঘৰখনত ৷

অ’এনজিচিৰ তিনি বিষয়া অপহৰণ: আৰক্ষীৰ সন্দেহৰ আঙুলি আলফা(স্বা)লৈ

পুনৰ লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াক মঙলবাৰে মাজনিশা বন্দুকধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰাৰ পাচতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰায় 6 মাহ পূৰ্বে শিক্ষা সাং কৰি চাকৰিত যোগদান কৰা সৰ্বাইবন্ধাৰ অভিযন্তা অলকেশ শইকীয়াৰ ঘৰত বৈছে শোকৰ বন্যা ৷ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰি কৰ্মস্থলীত যোগদান কৰা অভিযন্তা গৰাকীক অপহৰণৰ খবৰ বিয়পি পৰাত দুখত ভাগি পৰিছে আত্মীয়-স্বজন ৷

বৰঝাৰৰ বিমান বন্দৰত ক'ভিড-19 ৰ প্ৰভাৱ

বিগত চাৰি-পাঁচদিন ধৰি যাত্রীৰ সংখ্যক ৪০ শতাংশতলৈ হ্ৰাস পাইছে । ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পূৰ্বে বৰঝাৰৰ বিমান বন্দৰলৈ গড় হিচাপত ১৫০ খন বিমানেৰে প্ৰায় ১৬ হাজাৰ যাত্ৰীয়ে অহা-যোৱা কৰিছিল ।

ভাৰত বায়'টেকলৈ প্ৰতিষেধক বিচাৰি পত্ৰ প্ৰেৰণ অসমৰ স্বাস্থ্য বিভাগৰ

সমগ্ৰ দেশজুৰি ১ মে'ৰ পৰা ১৮ বছৰ বয়সৰ পৰা সকলোকে বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে অসম চৰকাৰ । ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই হায়দৰাবাদস্থিত ভাৰত বায়'টেকলৈ প্ৰতিষেধক বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে ৷

কাকপথাৰৰ বনাঞ্চলত হোলোং গছত শেন চকু বন মাফিয়াৰ

বনজ সম্পদেৰে চহকী তিনিচুকীয়া জিলাৰ কাকপথাৰ বন কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চল সমূহতো শেন চকু পৰিছে বন মাফিয়াৰ ৷ ডুমডুমা বনাঞ্চল ৰূপে জনাজাত কাকপথাৰৰ কাচিজান বনাঞ্চলত বন ধ্বংসৰ এক ভয়ংকৰ ছবি ৷ অসমৰ জাতীয় গছ ৰূপে জনাজাত হোলোং গছৰ ওপৰত চকু একাংশ বন মাফিয়াৰ ৷

ৰাজ্যত নতুনকৈ ১,৬৫১ গৰাকী লোকৰ দেহত পোৱা গৈছে ক’ভিড

বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ কৰ'ণাৰ কৱলত পৰিছে ১,৬৫১ গৰাকী লোক। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭৪২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । অসমত কৰ'ণা আক্ৰ‍ন্তৰ হাৰ ২.৪৬ শতাংশলৈ বৃদ্ধি পাইছে ।

মাজুলীত 2 ঘণ্টা ধৰি এম্বুলেন্সৰ বাবে অপেক্ষা কৰিলে ক'ভিড ৰোগীয়ে

মাজুলীত ক'ভিড ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে ৷ পুৱা 9 বজাতে কভিড পজিটিভ হোৱাৰ পাছতো ১১ বজালৈ আহি নাপায় ১০৮ এম্বুলেন্স। অফলামুখ ফেৰী ঘাটত ২ ঘণ্টা ধৰি অপেক্ষা কৰিলে এগৰাকী ক'ভিড ৰোগীয়ে। ক'ভিড পজিটিভ ৰোগী গৰাকীৰ নাম উজ্বল বাৰিক ৷

ক'ভিডৰ দ্বিতীয় ঢৌৱে প্ৰভাৱ পেলাব নেকি পশ্চিমবংগৰ নিৰ্বাচনত ?

সম্প্ৰতি ভাৰতৰ বিভিন্ন ৰাজ্যত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । পশ্চিমবংগতো মহামাৰীৰ সংক্ৰমণে কালৰূপ ধাৰণ কৰিছে । প্ৰতি দিনে ৰাজ্যখনত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । কিন্তু এই পৰিস্থিতিৰ মাজতো বিধানসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰচাৰ অভিযান চলাই আছে ৰাজনৈতিক দলসমূহে । অধিকাংশ নিৰ্বাচনী সভাতে ধোঁৱাচাঙত তোলা হৈছে ক'ভিডৰ স্বাস্থ্য বিধি ।

23 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত ত্ৰিপুৰাৰ এজন ব্যক্তি

হত্যাৰ অভিযুক্ত এগৰাকী ব্যক্তিক ত্ৰিপুৰাত 23 বছৰৰ সশ্ৰম কাৰাদণ্ড ৷ মঙলবাৰে ত্ৰিপুৰাৰ এখন স্থানীয় আদালতে চন্দন অধিকাৰী নামৰ এজন ব্যক্তিক 23 বছৰ তিনিমাহৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ মুঠ তিনিটা ধাৰাৰ অধীনত অধিকাৰীক দোষী সাব্যস্ত কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details