অসমত ক্ৰমাৎ বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা
অসমত আৰম্ভ হৈছে ক'ভিড ১৯ ৰ দ্বিতীয়টো ঢৌ ৷ যোৱা সপ্তাহত প্ৰতিদিনে গড়ে ৭০ জনকৈ ক'ভিড আক্ৰান্ত ধৰা পৰিছিল যদিও চলিত সপ্তাহত এই সংখ্যা ১১৫ লৈ বৃদ্ধি পাইছে । এই কথা সদৰি কৰিছে ডাঃ লক্ষ্মনন এছয়ে ৷
পশ্চিম বংগৰ সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক স্পষ্টীকৰণৰ বাবে জাননী জাৰি কৰাৰ পাচতেই নিৰ্বাচন আয়োগে এইবাৰ বিজেপিৰ নেতা সুভেন্দু অধিকাৰীক জাননী জাৰি কৰিছে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত কিছু সাম্প্ৰদায়িক মন্তব্যৰে ভাষণ দিয়াৰ বাবে সুভেন্দু অধিকাৰীক জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷
চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত এগৰাকী বিশেষভাৱে সক্ষম মহিলা
শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজিলৈকে চৰকাৰী সাহাৰ্যৰ মুখ দেখা নাই এগৰাকী বিশেষভাৱে সক্ষম মহিলাই ৷ জয়মতী কৰোৱা নামৰ দুয়োটা চকুৰে নেদেখা মহিলা গৰাকীয়ে কটাই আছে এক দুৰ্বিসহ জীৱন ৷
এগৰাকী পলাতক লোকৰ ঘৰৰ পৰা উদ্ধাৰ পোহনীয়া জন্তু, চৰাই
পেৰিণ্টালমান্নাত অৱস্থিত ‘Emergency Rescue Force’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই এটা ঘৰৰ পৰা এটা ঘোঁৰা, ঘোঁৰাৰ পোৱালি, তিনিটা কুকুৰ আৰু এটা পোৱালী আৰু প্ৰেমিক চৰাই উদ্ধাৰ কৰে । পোহনীয়া জন্তু আৰু চৰাইৰ গৰাকীজন কেইবাটাও গোচৰত অভিযুক্ত হোৱা হেতুকে 5 দিন পূৰ্বে পলাই যোৱা বুলি জানিব পৰা গৈছে ৷
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভাতৃসহ স্থানীয়ক আত্মসমৰ্পণৰ বাবে মছজিদলৈ প্ৰেৰণ
শ্বোপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা গুলিবৰ্ষণত এটা সন্ত্ৰাসবাদীৰ ভায়েক আৰু ইমাম নামৰ এজন স্থানীয় লোকক এটা মছজিদৰ ভিতৰত পঠিয়ায় জম্মু-কাশ্মীৰ আৰক্ষীয়ে৷ মছজিদত লুকাই থকা সন্ত্ৰাসবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ এই পন্থা হাতত লয় আৰক্ষীয়ে ৷