আইআইটি গুৱাহাটীত ছাত্ৰী নিৰ্যাতন: শুদ্ধ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰাৰ আহ্বান
ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আইআইটি গুৱাহাটীয়ে ৷ অভিযুক্ত ছাত্ৰ গৰাকীক শিক্ষানুষ্ঠান খনৰ পৰা বহিস্কাৰ কৰাৰ লগতে এই ঘটনা সন্দৰ্ভত অপ্ৰমাণিত তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছে শিক্ষানুষ্ঠানখনে ৷
জাতীয় চেতনা আৰু সংগ্ৰামী সত্বাৰ গৰাকী হিৰণ্য ভট্টাচাৰ্য আৰু নাই
অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু নাই । মহানগৰীৰ নেমকেয়াৰ হাস্পতালত মৃত্যু হয় বিশিষ্ট লেখকগৰাকীৰ। বিগত আঠদিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য ৷ 1958 চনৰ আই পি এছ বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনা প্ৰৱাহৰ আঁৰৰ ব্যক্তি আছিল ভট্টাচাৰ্য ৷
হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত বিধায়ক মৃনাল শইকীয়াৰ শোক প্ৰকাশ
একালৰ প্ৰাক্তন আই পি এছ বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনা প্ৰৱাহৰ আঁৰৰ ব্যক্তি হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ কৰিছে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই ।
তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা জিলা প্ৰশাসন
ৰাজ্যৰ 12 খনকৈ জিলাৰ মুঠ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ প্ৰতিখন জিলাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে বাক্সা জিলা প্ৰশাসনো ৷ জিলাখনৰ মুঠ তিনিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰী সকল ৷ তামুলপুৰ, বৰমা আৰু চাপাগুৰি সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণ হ'ব মুঠ 788 টা ভোট গ্ৰহণ কেন্দ্ৰত ৷
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন
বৰপেটা জিলাৰ ৬ টা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন সাজু হৈ পৰিছে ৷ জিলাখনত নিৰ্বাচনৰ ভোটগ্ৰহন প্ৰক্ৰিয়াত ৭,৯৮০ গৰাকী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে ৷