আৰক্ষীক চৰিওৱা বিজেপি নেত্ৰীলৈ চৰকাৰৰ ৰঙা দলিচা
সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যময় দুৰ্ঘটনাত মৃত্যু হোৱাৰ সময়ত দীপাঞ্জলি কাকতিৰ নাম চৰ্চালৈ আহিছিল । আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদনো নাকচ কৰিছিল ।
বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ: লুৰিণজোতি গগৈ
বিজেপি চৰকাৰ এখন মিছলীয়া চৰকাৰ । চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰি আহিছে । ৰাইজৰ ধনৰ সদ ব্যৱহাৰ নকৰি আঁচনিৰ জৰিয়তে বিজেপিৰ নেতা-কৰ্মীসকলৰ পকেট গৰম হৈছে বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷
পেট্ৰ’লিয়ামৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সকলোকে
ক’ভিড-১৯ ৰ পূৰ্বে পেট্ৰ’লত কেন্দ্ৰীয় আবকাৰী শুল্ক আছিল ১৯.৯৮ টকা ৷ কিন্তু কৰ’ণা চলি থকাৰ কালচোৱাত এই মূল্য ৩২.৯৮ টকালৈ বৃদ্ধি কৰা হয় ৷ ঠিক একেদৰেই ডিজেলতো ১৫.৮৩ টকাৰ পৰা ৩১.৩৮ টকালৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হয় ৷ শুল্ক জাপি দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰো পিছ পৰি থকা নাই ৷
নাবালিকাক যৌন আতিশয্য চলাই গ্ৰেপ্তাৰ মছজিদৰ ইমাম
ইমামৰূপী এজন পঞ্চাশোৰ্ধৰ ব্যক্তিৰ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী নাবালিকা । এই জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটাৰ মাজদিয়াত ।
কংগ্ৰেছক তুলাধূনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
বৰপেটাত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰালত অনুষ্ঠিত মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী পাটোৱাৰীয়ে জিলাখনৰ মহিলাসকলক সম্বোধন কৰি 189 গৰাকী জীৱিকা সখীৰ মাজত স্কুটী বিতৰণ কৰে ৷